ভাৰতৰ প্ৰবীণ অফ স্পিনাৰ হৰভজন সিং আই পি এল ২০২৫ ছিজনত কমেন্ট্ৰি কৰি বিতৰ্কৰ মাজলৈ আহিছে।আই পি এল ২০২৫ত খেলা এজন খেলুৱৈক লাইভ কমেন্ট্ৰিৰ সময়ত বৰ্ণবাদী মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে হৰভজন সিঙৰ বিৰুদ্ধে।
বিষয়টো ইমানেই ডাঙৰ হৈ পৰিছে যে হৰভজনক কমেন্ট্ৰি পেনেলৰ পৰা আঁতৰোৱাৰ দাবী উত্থাপন হৈছে।আচলতে ২৩ মাৰ্চত আইপিএলৰ ১৮ সংখ্যক ছিজনৰ প্ৰথমটো ডাবল হেডাৰ খেলা হৈছিল।
দিনটোৰ প্ৰথমখন মেচ আৰু ছিজনৰ দ্বিতীয়খন খেল ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হয়।এই সময়ত ধাৰাভাষ্য বাকচত উপস্থিত আছিল হৰভজন সিং।
দৰাচলতে ভাৰতৰ কিংবদন্তি অফ স্পিনাৰ হৰভজন সিঙে দেওবাৰে ইংলেণ্ডৰ বেগী বলাৰ জফ্ৰা আৰ্চাৰক ‘ব্লেক টেক্সি’ৰ সৈতে তুলনা কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল।
সেই সময়ত ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ বেষ্ট বলাৰ জোফ্ৰা আৰ্চাৰে ঈশান কিষান আৰু হাইনৰিচ ক্লাচেনৰ বিৰুদ্ধে বলিং কৰিছিল।
যেতিয়া জফ্ৰা আৰ্চাৰই বলেৰে দুৰ্দান্ত প্ৰদৰ্শন কৰি আছিল, তেতিয়া হৰভজন সিঙে এয়াৰত কৈছিল, ‘লণ্ডনত ক’লা টেক্সিৰ মিটাৰ দ্ৰুতগতিত চলি থাকে, আৰু ইয়াত আৰ্চাৰ চাহাবৰ মিটাৰো দ্ৰুতগতিত চলি থাকে।’
এয়াৰত হৰভজন সিঙে কৰা এই মন্তব্যই ছ’চিয়েল মিডিয়াত অনুৰাগীক ক্ষুব্ধ কৰি তুলিছে আৰু অনুৰাগী সকলে হৰভজন সিঙক আই পি এল ২০২৫ৰ কমেণ্ট্ৰি পেনেলৰ পৰা তাৎক্ষণিকভাৱে নিষিদ্ধ কৰাৰ দাবী জনাইছে।