পঞ্জাৱ চৰকাৰে প্ৰত্যাহাৰ কৰিলে হৰভজন সিঙৰ নিৰাপত্তা…

ৰাজ্যসভাৰ সদস্য হৰভজন সিঙে বিজেপিত যোগদান কৰাৰ লগে লগে পঞ্জাৱ চৰকাৰে তেওঁৰ Z+ ছিকিউৰিটি কভাৰ প্ৰত্যাহাৰ কৰিছে।

আম আদমি পাৰ্টিৰ ভিতৰত বৃহৎ বিভাজনৰ খবৰৰ মাজতে পঞ্জাৱত ভগৱন্ত মান নেতৃত্বাধীন চৰকাৰে প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজ্যসভাৰ সাংসদ হৰভজন সিঙৰ Z+ শ্ৰেণীৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰা হৈছে।। হৰভজন সিঙে আম আদমী পাৰ্টিৰ পৰা পদত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ লগে লগে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।অৱশ্যে, পঞ্জাৱ চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে হৰভজন সিঙৰ বাসগৃহৰ বাহিৰত চি আৰ পি এফৰ এটা দল মোতায়েন কৰা হৈছে।

জানিব পৰা মতে, পঞ্জাৱ আৰক্ষীৰ সুৰক্ষা কৰ্মীক পুনৰ মুখ্য কাৰ্যালয়লৈ ৰিপৰ্ট দিবলৈ নিৰ্দেশ দিয়া হৈছে।হৰভজন সিং সেই সাতজন ৰাজ্যসভাৰ সাংসদৰ ভিতৰত আছে, যিসকলে শেহতীয়াকৈ আপৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰি ৰাঘৱ চাধাৰ নেতৃত্বত বিজেপিত যোগদান কৰিছে। অৱশ্যে পঞ্জাৱ চৰকাৰে নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ পিছত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে হৰভজন সিং আৰু অন্যান্য বিদ্ৰোহী সাংসদক চি আৰ পি এফৰ নিৰাপত্তা প্ৰদান কৰিছে।

লগতে পঢ়ক: ‘মাত্ৰ চাই থাকক আগলৈ কি হয়’; ৰাঘৱ চাদ্দা বিজেপি গমনক লৈ নীতিন নবীনৰ বিস্ফোৰক ভাষ্য

‘আমাৰ সৈনিক ঘৰলৈ নাহে আৰু…’; এছিয়া কাপত ভাৰত-পাকিস্তানৰ খেলক লৈ খং উঠিল হৰভজন সিঙৰ

খং উঠিল হৰভজন সিঙৰ

ভাৰত-পাকিস্তানৰ খেলখন সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন কিংবদন্তি স্পিনাৰ হৰভজন সিঙে এটা ডাঙৰ বক্তব্য দিছে।হৰভজন সিঙে স্পষ্টকৈ কৈছে যে এছিয়া কাপত পাকিস্তানৰ সৈতে ভাৰতে ক্ৰিকেট খেলিব নালাগে।

খেলুৱৈগৰৈকীয়ে কয় যে, প্ৰথমে দেশ তাৰ পিছত ক্ৰীড়া।শেহতীয়াকৈ হৰভজনে পাকিস্তানৰ হৈ ৱৰ্ল্ড চেম্পিয়নছ অৱ লিজেণ্ডছ লীগত খেলিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিছিল।

তাৰ পিছত আৰু বহু ভাৰতীয় ক্ৰিকেটাৰে পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ অস্বীকাৰ কৰিলে।অৱশেষত ভাৰত-পাকিস্তানৰ মেচ বাতিল কৰা হয়।

সেই প্ৰতিযোগিতাতো ভাৰতৰ দলে ছেমি ফাইনেলতো পাকিস্তানৰ বিৰুদ্ধে খেলা নাছিল আৰু প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হ’বলৈ বাছি লৈছিল।

প্ৰাক্তন অফ স্পিনাৰ হৰভজন সিঙে দিয়া এক সাক্ষাৎকাৰত কয় যে, “তেওঁলোকে বুজিব লাগে কি গুৰুত্বপূৰ্ণ আৰু কি নহয়। ই ইমানেই সহজ”।

“মোৰ বাবে সীমান্তত থিয় হৈ কেতিয়াবা ঘৰলৈ উভতি যাব নোৱাৰা সৈনিকসকল বেছি গুৰুত্বপূৰ্ণ।দেশৰ বাবে তেওঁলোকে নিজৰ প্ৰাণ আহুতি দিয়ে।তেওঁলোকৰৰ ত্যাগ আমাৰ সকলোৰে বাবে বিশাল।”

তেওঁ লগতে কয় যে, “আমি ক্ৰিকেট খেল এখন মিছ কৰিব নোৱাৰোনে।তাৰ তুলনাত এইটো অতি সৰু কথা।এনেকুৱা কেতিয়াও হ’ব নোৱাৰে যে সীমান্তত উত্তেজনা হৈছে আৰু আমি তেওঁলোকৰ সৈতে ক্ৰিকেট খেলিম”।

“সকলো সমস্যা সমাধান নোহোৱালৈকে আমি তেওঁলোকৰ সৈতে ক্ৰিকেট খেলা উচিত নহয়।আমাৰ চৰকাৰৰ স্থিতিও যে তেজ আৰু পানী একেলগে বৈ যাব নোৱাৰে।”

 উল্লেখ্য যে, ২০২৫ চনৰ এছিয়া কাপৰ ইউ এ ইত আয়োজন কৰা হৈছে। অহা ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা। 

লগতে পঢ়ক: বিপদত প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনা… বেটিং এপ গোচৰ সন্দৰ্ভত EDৰ তলব

লাইভ কমেন্ট্ৰিত বৰ্ণবাদী মন্তব্য দি বিপদত হৰভজন সিং; আই পি এলৰ পৰা নিষিদ্ধ কৰাৰ দাবী

ভাৰতৰ প্ৰবীণ অফ স্পিনাৰ হৰভজন সিং আই পি এল ২০২৫ ছিজনত কমেন্ট্ৰি কৰি বিতৰ্কৰ মাজলৈ আহিছে।আই পি এল ২০২৫ত খেলা এজন খেলুৱৈক লাইভ কমেন্ট্ৰিৰ সময়ত বৰ্ণবাদী মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে হৰভজন সিঙৰ বিৰুদ্ধে।

বিষয়টো ইমানেই ডাঙৰ হৈ পৰিছে যে হৰভজনক কমেন্ট্ৰি পেনেলৰ পৰা আঁতৰোৱাৰ দাবী উত্থাপন হৈছে।আচলতে ২৩ মাৰ্চত আইপিএলৰ ১৮ সংখ্যক ছিজনৰ প্ৰথমটো ডাবল হেডাৰ খেলা হৈছিল।

দিনটোৰ প্ৰথমখন মেচ আৰু ছিজনৰ দ্বিতীয়খন খেল ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হয়।এই সময়ত ধাৰাভাষ্য বাকচত উপস্থিত আছিল হৰভজন সিং।

দৰাচলতে ভাৰতৰ কিংবদন্তি অফ স্পিনাৰ হৰভজন সিঙে দেওবাৰে ইংলেণ্ডৰ বেগী বলাৰ জফ্ৰা আৰ্চাৰক ‘ব্লেক টেক্সি’ৰ সৈতে তুলনা কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল।

সেই সময়ত ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ বেষ্ট বলাৰ জোফ্ৰা আৰ্চাৰে ঈশান কিষান আৰু হাইনৰিচ ক্লাচেনৰ বিৰুদ্ধে বলিং কৰিছিল।

যেতিয়া জফ্ৰা আৰ্চাৰই বলেৰে দুৰ্দান্ত প্ৰদৰ্শন কৰি আছিল, তেতিয়া হৰভজন সিঙে এয়াৰত কৈছিল, ‘লণ্ডনত ক’লা টেক্সিৰ মিটাৰ দ্ৰুতগতিত চলি থাকে, আৰু ইয়াত আৰ্চাৰ চাহাবৰ মিটাৰো দ্ৰুতগতিত চলি থাকে।’

এয়াৰত হৰভজন সিঙে কৰা এই মন্তব্যই ছ’চিয়েল মিডিয়াত অনুৰাগীক ক্ষুব্ধ কৰি তুলিছে আৰু অনুৰাগী সকলে হৰভজন সিঙক আই পি এল ২০২৫ৰ কমেণ্ট্ৰি পেনেলৰ পৰা তাৎক্ষণিকভাৱে নিষিদ্ধ কৰাৰ দাবী জনাইছে।

“খেলখন উপভোগ কৰিবলৈ শিকক”; বিৰাট কোহলীক লৈ হৰভজন সিঙৰ ডাঙৰ মন্তব্য

টীম ইণ্ডিয়াৰ তাৰকা খেলুৱৈ বিৰাট কোহলীয়ে ৰঞ্জী ট্ৰফীত অংশগ্ৰহণ কৰিছে।১৩ বছৰৰ পিছত, বিৰাট কোহলীয়ে ৰঞ্জী ট্ৰফীত খেলিবলৈ খেলপথাৰত নামিছে।

তাৰ পিছত বহু সংখ্যক অনুৰাগীয়ে তেওঁক চাবলৈ ষ্টেডিয়ামত উপস্থিত হয়।বিৰাট কোহলী শেহতীয়া দিনবোৰত তেওঁৰ ষ্টাৰডমৰ বাবে চৰ্চাত আছিল।

বিৰাট কোহলীক চাবলৈ অহা অনুৰাগীসকলৰ সন্দৰ্ভত মানুহে বিভিন্ন প্ৰতিক্ৰিয়া দিছিল। ইফালে, টীম ইণ্ডিয়াৰ প্ৰাক্তন খেলুৱৈ হৰভজন সিঙেও এই বিষয়ত নিজৰ মতামত প্ৰকাশ কৰিছে।

প্ৰাক্তন ভাৰতীয় অফ স্পিনাৰ হৰভজন সিঙে বিৰাট কোহলীক ৰঞ্জী ট্ৰফীত ৰাণ সংগ্ৰহকৰাৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে তেওঁৰ খেল উপভোগ কৰিবলৈ পৰামৰ্শ দিছিল।

বিৰাটে ১২বছৰৰ পিছত দিল্লী আৰু ৰে’লৱেৰ মাজত অনুষ্ঠিত ৰঞ্জী ট্ৰফী খেলখনত অংশগ্ৰহণ কৰে।এজন অনুৰাগীয়ে আনকি পথাৰত প্ৰৱেশ কৰি বিৰাটৰ ভৰি স্পৰ্শ কৰিছিল,যি জনতাক যথেষ্ট উৎসাহিত কৰিছিল।

হৰভজনৰ মতে, বিৰাটৰ মুখ্য উদ্দেশ্য হ’ব লাগে ক্ৰিকেট উপভোগ কৰা আৰু যুৱ খেলুৱৈসকলক অনুপ্ৰাণিত কৰা, তেওঁ ৰাণ সংগ্ৰহ কৰক বা নকৰক।

তেওঁ কৈছিল যে বিৰাট এজন আদৰ্শ আৰু যুৱ খেলুৱৈসকলে তেওঁৰ পৰা অনুপ্ৰেৰণা লাভ কৰিব।যদি মই তেওঁৰ ঠাইত থাকোঁ, মই ইয়াক উপভোগ কৰিম।

হৰভজনে বিশ্বাস কৰে যে বিৰাটে চাপ অবিহনে খেলখন উপভোগ কৰা উচিত আৰু যুৱসকলক কেনেকৈ বিৰাট কোহলী হ’ব লাগে দেখুৱাব লাগে।

বিৰাটে ঘৰুৱা বৰ্তনীলৈ এনে সময়ত উভতি আহিছে যিটো সময়ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ শেহতীয়া প্ৰদৰ্শনে প্ৰত্যাশা পূৰণ কৰাত ব্যৰ্থ হৈছে।

২০২৪ চনত, বিৰাটে ২৩ খন মেচ আৰু ৩২ টা ইনিংছত ২১.৮৩গড়ে মাত্ৰ ৬৫৫ ৰাণ সংগ্ৰহ কৰিছিল।যাৰ ভিতৰত আছিল এটা শতক আৰু দুটা অৰ্ধ-শতক।

টেষ্ট ক্ৰিকেটতো তেওঁৰ প্ৰদৰ্শন হতাশাজনক আছিল, ১০ খন টেষ্ট মেচত এটা শতক আৰু এটা অৰ্ধশতকৰ সৈতে মাত্ৰ ৪১৭ ৰাণ সংগ্ৰহ কৰিছিল। অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত তেওঁৰ দুৰ্বল ফৰ্মৰ বাবে, টীম ইণ্ডিয়াই গুৰুত্বপূৰ্ণ লোকচানৰ সন্মুখীন হৈছিল।