পুনৰ মানৱ সমাজক লজ্জানত কৰা এক ঘটনাই জোকাৰি গৈছে সমগ্ৰ মহানগৰ।৯ জনীয়া যুৱকৰ দলবদ্ধ ধৰ্ষণ এগৰাকী যুৱতীক ।
জানিব পৰা মতে ৫ দিন পূৰ্বে বৰাগাঁও নিজৰা পাৰৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গনতে নিশা সংঘটিত হৈছিল এই ধৰ্ষণকাণ্ড।কেৱল ধৰ্ষণ কৰাই নহয় ৯ পাষণ্ডই ধৰ্ষণৰ সময়ৰ ভিডিঅ’ আৱদ্ধ কৰিছিল মোবাইলত।
ঘটনাৰ পিছতেই দলবদ্ধ ধৰ্ষণৰ ভিডিঅ’ হৈছিল ভাইৰেল।আৰু ভাইৰেল ভিডিঅ’ৰ ভিত্তিতেই বৰাগাঁৱৰ স্থানীয় ৰাইজৰ সহযোগত গড়চুক আৰক্ষীয়ে ৬ জন ধৰ্ষণকাৰীক আটক কৰিছে।
আটক কৰা যুৱক কেইজন ক্ৰমে কুলদ্বীপ, পিংকু দাস, মৃণাল , গগন, বিজয়, সৌৰভ ।বৰ্তমানো মুকলি আকাশৰ তলত তিনি মূল অভিযুক্ত মাষ্টাৰ মাইণ্ড ৰবীন দাস, দীপাংকৰ আৰু কৃষ্ণ।
এই পৰ্যন্ত গড়চুক আৰক্ষী থানাত ধৰ্ষণৰ কোনো গোচৰ ৰুজু হোৱা নাই যদিও ভাইৰেল ভিডিঅ’ ত থকা যুৱককেইজন বৰাগাঁওৰে বুলি নিশ্চিত কৰিছে একাংশ লোকে।
কিন্তু এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই বৰ্বৰ কাণ্ডৰ বলি হোৱা ভুক্তভূগি যুৱতীৰগৰাকীৰ পৰিচয়। নিশাৰ ভাগত অকলশৰে বৰাগাঁওত ক’ৰ পৰা সেই যুৱতীগৰাকী আহিল তাক লৈয়ো অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে ৰহস্যৰ।