২১ মাৰ্চৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ তথা আই পি এল ২০২৫ । আই পি এল ২০২৫ আৰম্ভ হোৱাৰ পূর্বে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে (এল এছ জি) এটা ডাঙৰ সিদ্ধান্ত লৈছে ৷ লক্ষ্ণৌৰ দলটোৱে ঋষভ পন্টক দলৰ অধিনায়ক হিচাপে নিযুক্তি দিছে । লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই ষ্টাৰ স্প’ৰ্টছৰ সৈতে হোৱা এক বাৰ্তালাপত এই কথা নিশ্চিত কৰিছে ।
পন্টৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিলে গোৱেংকাই-
ঋষভ পন্টক অধিনায়ক হিচাপে নিযুক্তি দিয়াটো নিশ্চিত কৰি সঞ্জীৱ গোৱেংকাই কয়, ‘যিবোৰ কৌশল তৈয়াৰ কৰা হৈছিল, সেইবোৰ সকলো ঋষভৰ কাষত আছে । এই সকলোবোৰ তেওঁক মনত ৰাখিয়েই কৰা হৈছিল ।‘
সঞ্জীৱ গোৱেংকাক যেতিয়া সোধা হৈছিল যে কেৱল ঋষভ পন্ট কিয়, গোৱেংকাই কৈছিল- মই ভাবো সময়ে প্ৰমাণ কৰিব । কেৱল আই পি এলৰ আটাইতকৈ দামী খেলুৱৈয়েই নহয় আই পি এলৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ । মানুহে ধোনী আৰু ৰোহিতক আই পি এলৰ সফল অধিনায়কৰ তালিকাত ৰাখে । মোৰ কথা মনত ৰাখক, ১০-১২ বছৰৰ পাছত ধোনী আৰু ৰোহিতৰ লগতে এই তালিকাত ঋষভ পন্টো থাকিব ।
অধিনায়ক হোৱাৰ পিছত পণ্টে এই কথা কয়-
লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক হোৱাৰ পাছত ঋষভ পণ্টে কয়, ‘মোৰ বিষয়ে তেওঁ যি ক’লে, সেই কথাই মোক আপ্লুত কৰিছে ।‘ ঋষভ পন্টৰ মতে লক্ষ্ণৌ দললৈ নিৰ্বাচিত হোৱাৰ পিছত গোৱেংকাৰ সৈতে হোৱা সকলো কথা-বতৰাৰ পৰা তেওঁ অনুভৱ কৰিছিল যে ফ্ৰেঞ্চাইজিত তেওঁক মুকলি মনেৰে আদৰণি জনোৱা হৈছে ।
আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ ঋষভ পন্ট । আই পি এল ২০২৫ৰ নিলামত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (এল এছ জি)য়ে ২৭ কোটি টকাত ক্ৰয় কৰিছিল পণ্টক । পণ্ট যোৱা ছিজনত দিল্লী কেপিটেলছৰ অধিনায়ক আছিল । দিল্লীৰ দলে তেওঁক ৰিটেইন কৰা নাছিল । এনে পৰিস্থিতিত ২০১৬ চনৰ পিছত প্ৰথমবাৰৰ বাবে নিলামত প্ৰৱেশ কৰে পণ্ট । যদিও দিল্লীৰ দলে পন্টৰ বাবে আৰ টি এম কাৰ্ডৰ নিয়ম ব্যৱহাৰ কৰিছিল, কিন্তু শেষত লক্ষ্ণৌৰ দলে ডাঙৰ বিড দি পণ্টক ক্ৰয় কৰে ।
উল্লেখ্য যে ঋষভ পণ্টে দিল্লী কেপিটেলছৰ অধিনায়কত্ব কৰিছিল ৪৩খন মেচত, য’ত দলটোৱে ২৩খন খেলত জয়লাভ কৰিছিল । আনহাতে দিল্লী দলে ১৯খনত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । এখন মেচ টাই আছিল ।