দেওবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক সমৰ্থন কৰা শীৰ্ষ ৰিপাব্লিকান নেতাসকল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিক ৰাছিয়াৰ সৈতে যুদ্ধৰ ক্ষেত্ৰত তেওঁৰ স্থিতি সলনি কৰিবলৈ অথবা পদত্যাগ কৰিবলৈ হেঁচা দিছে।
ইয়াৰ পূৰ্বে, ইউৰোপীয় দেশসমূহৰ ৰাষ্ট্ৰপ্ৰধান সকলে দেওবাৰে লণ্ডনত অনুষ্ঠিত এখন বৈঠকত জেলেনস্কি আৰু ইউক্ৰেইনৰ প্ৰতি তেওঁলোকৰ সমৰ্থন ব্যক্ত কৰে।
ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে তেওঁৰ সমকক্ষসকলক যুদ্ধত ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনৰ বাবে প্ৰতিৰক্ষা প্ৰচেষ্টা বৃদ্ধি কৰিবলৈ আহ্বান জনাইছিল।
উল্লেখনীয় যে ২৮ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু উপ ৰাষ্ট্ৰপতি জে.ডি. ভেন্সে ওভাল অফিচত জেলেনস্কিৰ সৈতে তৰ্ক কৰিছিল।ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক হোৱাইট হাউচ এৰি যাবলৈ কোৱা হৈছিল।
জেলেনস্কিয়ে নিশাৰ আহাৰ গ্ৰহণ নকৰাকৈয়ে তাৰ পৰা গুচি যায়।জেলেনস্কি আৰু ট্ৰাম্পৰ মাজত হোৱা তীব্ৰ বিতৰ্কই সমগ্ৰ বিশ্বৰ নেতাসকলক আচৰিত কৰিছিল।
ট্ৰাম্পে কৈছিল যে জেলেনস্কিয়ে ৰাছিয়াৰ সৈতে যুদ্ধ সমাপ্ত কৰিবলৈ পুটিনৰ সৈতে শান্তি চুক্তি কৰা উচিত।
জেলেনস্কিয়ে বৈঠকত যুক্তি দিছিল যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ২০১৯ ৰ যুদ্ধবিৰতি চুক্তিক সন্মান জনোৱা নাছিল আৰু তেওঁক হত্যাকাৰী আৰু সন্ত্ৰাসবাদী বুলি লেবেল দিয়া হৈছিল।
ডনাল্ড ট্ৰাম্পে তেওঁৰ সঁহাৰিত আপত্তি কৰিছিল আৰু জেলেনস্কিৰ ওপৰত তৃতীয় বিশ্বযুদ্ধৰ বাবে জুৱা খেলাৰ অভিযোগ কৰিছিল।