গাজা আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি চুক্তিৰ অন্তিম পৰ্যায়ত উপনীত হৈছে।ইয়াৰ বাবে ক্ষোভিত লোকসকলে ইজৰাইলৰ ৰাজধানী জেৰুজালেমত এক প্ৰতিবাদী সমদল উলিয়াই।
স্থানীয় লোকসকলে হামাসক চয়তান বুলি অভিহিত কৰিছিল আৰু দাবী কৰিছিল যে চৰকাৰে কোনো পৰিস্থিতিত আপোচ কৰা উচিত নহয়।
একে সময়তে, তেল আভিভত বন্দী হৈ থকা পৰিয়ালসকলে তেওঁলোকৰ মুক্তিৰ অন্তিম সুযোগ বুলি বৰ্ণনা কৰিছে।
কাটাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মজিদ আল-আনছাৰীৰ বিবৃতিৰ পিছৰে পৰা বিশ্বৰ বিভিন্ন কোণৰ পৰা প্ৰদৰ্শনৰ প্ৰতিধ্বনি শুনা আৰম্ভ হৈছে।
গাজাত যুদ্ধবিৰতি আৰু বন্দীসকলক মুকলি কৰাৰ বাবে ইজৰাইল আৰু হামাসৰ মাজত হোৱা চুক্তিৰ বিৰুদ্ধে শ শ লোক ক্ষুব্ধ হৈছিল। আৰু ৰাজপথলৈ সকলো ওলাই আহি প্ৰতিবাদ কৰা দেখা গৈছিল।
ডাঙৰ ডাঙৰ বেনাৰ , পোষ্টাৰ আৰু ইজৰাইলী পতাকা লৈ প্ৰদৰ্শনকাৰীসকলে জেৰুজালেমৰ ৰাস্তাৰ মাজেৰে যাত্ৰা কৰে।
হামাসক চয়তান বুলি অভিহিত কৰি চৰকাৰক কোনো পৰিস্থিতিত ইয়াৰ সৈতে আপোচ নকৰিবলৈ দাবী জনাইছে।আনহাতে, ইজৰাইলৰ দ্বিতীয় বৃহত্তম চহৰ তেল আভিভত বন্দীসকলৰ পৰিয়ালে একত্ৰিত হৈ চৰকাৰক যুদ্ধবিৰতি চুক্তিত মোহৰ লগাবলৈ আহ্বান জনাইছে।
পৰিয়ালৰ শ শ সদস্যই তেওঁলোকৰ প্ৰিয়জনৰ ফটো লৈ বন্দীসকলৰ স্মৃতিত চকুপানীৰ সৈতে বহুতো গান গাইছিল। বন্দীসকলৰ আত্মীয়সহ বহুতো ইজৰাইলীয়ে বিশ্বাস কৰে যে গাজাত বন্দী সকলক ঘূৰাই অনাৰ এইটোৱেই শেষ সুযোগ।
এইটো হেৰুৱাব নালাগে। কাটাৰত চলি থকা আলোচনাৰ সময়ত হামাছে চুক্তিখন গ্ৰহণ কৰিছে।ইজৰাইলেও সমগ্ৰ ঘটনাটো বিবেচনা কৰি আছে।