মুষলধাৰ বৰষুণত ম্লান পৰিব পৰিব পাৰে দুৰ্গা পূজাৰ আনন্দ । পূজাৰ সময়তে ৰাজ্যত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা । ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী । অসমসহ উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত জাৰি কৰা হৈছে ইয়েল্ল এলাৰ্ট । আগন্তুক ২৪ ঘন্টাত ৰাজ্যত বতৰে লব পাৰে কালৰূপ ।
আনহাতে উজনি অসমৰ কেইবাখনো জিলাত নিশাৰে পৰা অব্যাহত আছে বৰষুণ । গুৱাহাটী মহানগৰীটো নিশাৰ ভাগত বৰষুণ হোৱা পৰিলক্ষিত হয় । ইফালে কাজিৰঙা, বোকাখাত, নুমলীগড় অঞ্চলত ধাৰাষাৰ বৰষুণ হোৱা বুলি জানিব পৰা গৈছে ।
ইফালে ১১ অক্টোবৰলৈকে ঘণ্টাত ৩৫-৪৫ কিলোমিটাৰ বেগত বতাহ বলিব পাৰে বুলিও বতৰ বি়জ্ঞান বিভাগে জনাইছে ।