য়েমেনৰ ৰাজধানী ছানাকে ধৰি হুটী নিয়ন্ত্ৰিত অঞ্চলত বিমান আক্ৰমণ কৰা হৈছে। ছানাৰ আশে-পাশে থকা অঞ্চলসমূহো এই আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে।
বৰ্তমান এই আক্ৰমণত কিমান ক্ষয়-ক্ষতি হৈছে আৰু কিমান লোক নিহত হৈছে সেই সম্পৰ্কে কোনো স্পষ্ট তথ্য নাই।
হুটী বিদ্ৰোহীৰ বিৰুদ্ধে ১৫ মাৰ্চৰ পৰা আৰম্ভ কৰা অভিযানৰ আন দিনতকৈ এই আক্ৰমণ অধিক ভয়াৱহ বুলি বিবেচিত হৈছে।
হুটী বিদ্ৰোহীয়ে প্ৰদান কৰা প্ৰাৰম্ভিক তথ্য অনুসৰি য়েমেনৰ ৰাজধানী ছানাত সংঘটিত আক্ৰমণত কমেও ৭ জন লোক আহত হৈছে।
২০১৪ চনৰ পৰাই ছানা বিদ্ৰোহীৰ নিয়ন্ত্ৰণত আছে।এই সময়ছোৱাত য়েমেনৰ বন্দৰ চহৰ হোদেইদা, ছাদা, আল-জাউফ, আমৰাণ আৰু মাৰিব প্ৰদেশকো লক্ষ্য কৰি লোৱা হৈছিল।
এটা ভিডিঅ’ত দেখা গৈছে যে ছানাত বিস্ফোৰণৰ পিছতেই আকাশত ধোঁৱা দেখিবলৈ পোৱা গৈছিল।আমেৰিকা সেনাৰ ‘চেণ্ট্ৰেল কমাণ্ড’ই এই আক্ৰমণ সংঘটিত কৰা বুলি বৰ্তমানলৈকে মানি লোৱা নাই।
হুটী হৈছে য়েমেনৰ সংখ্যালঘু ছিয়া ‘জাইদি’ সম্প্ৰদায়ৰ এটা সশস্ত্ৰ গোট।এই সম্প্ৰদায়টোৱে নব্বৈৰ দশকত তেতিয়াৰ ৰাষ্ট্ৰপতি আলী আব্দুল্লা ছালেহৰ কথিত দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ এই গোটটো গঠন কৰিছিল।
ইয়াৰ প্ৰতিষ্ঠাপক হুছেইন আল-হৌথীৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে। হুটীয়ে নিজকে ইৰাণ সমৰ্থক বুলি ঘোষণা কৰিছে।