উত্তৰ প্ৰদেশৰ আলিগড় জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৫ জনতকৈ অধিক লোক আহত হৈছে । আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।
তথ্য অনুসৰি বৃহস্পতিবাৰে নিশা প্ৰায় ১ বজাত আলিগড়ৰ টাপ্পাল থানা এলেকাৰ যমুনা এক্সপ্ৰেছৱেত এখন ট্ৰাক আৰু ডাবল ডেকাৰ বাছৰ সংঘৰ্ষ হয় । এই দুৰ্ঘটনাত ৫ জন যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে ১৫ জন যাত্ৰী আহত হয় ।
জানিব পৰা মতে প্ৰতাপগড়ৰ কৃষ্ণ ট্ৰেভেলছৰ ডাবল ডেকাৰ বাছখন দিল্লীৰ পৰা আজমগড় আৰু মৌলৈ গৈ আছিল । বাছখন যমুনা এক্সপ্ৰেছৱেৰ ৫৬ নম্বৰ পইণ্টত উপস্থিত হোৱাৰ লগে লগে পিছফালৰ পৰা এখন ট্ৰাকত খুন্দা মাৰে ।
এই দুৰ্ঘটনাত ৫জন যাত্ৰীৰ মৃত্যু হয় । আনহাতে ১৫ জন যাত্ৰী আহত হৈছে । আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । জানিব পৰা মতে এক্সপ্ৰেছৱেত বাছখন তীব্ৰ বেগেৰে গতি কৰি আছিল । হঠাৎ চালকজনে বাছখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাই । ট্ৰাকখনৰ সৈতে খুন্দা মৰাৰ ফলত বাছখনৰ সন্মুখৰ অংশটো বেয়াকৈ ক্ষতিগ্ৰস্ত হয় । দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে চিঞৰ-বাখৰ আৰম্ভ হয় । দুৰ্ঘটনাটোৰ পিছত বাছখনত আবদ্ধ হৈ থকা লোকসকলক খিৰিকী ভাঙি বাহিৰলৈ উলিয়াই অনা হয় ।