যিকোনো বাহন, সেয়া দুচকীয়া বা সৰু বা ডাঙৰ বিলাসী গাড়ী হওক বা ব্যৱসায়িক বাহনেই হওক, প্ৰতিজন ব্যক্তিৰ জীৱনৰ লগত জড়িত । ক্ৰয়ৰ সময়ত ব্যক্তিজনে ইয়াক নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ কৰি তোলে । কিন্তু সেই গাড়ীখন চুৰি হয় তেন্তে কি হ’ব ? এনে পৰিস্থিতিত বহুতো বিপদৰ সৃষ্টি হয় । আপোনাৰ গাড়ী চুৰি হ’লে বা ডকাইতি হ’লে কি কৰিব লাগে জানক-
প্ৰথমেই কৰক এই কাম-
যদি আপোনাৰ গাড়ীখন চুৰি হয় তেন্তে প্ৰথমে আৰক্ষীক ফোন কৰা উচিত । ইয়াৰ পিছত বাহন চুৰিৰ অভিযোগ পঞ্জীয়ন কৰাটো আৰক্ষীৰ কাম । আপুনি আপোনাৰ বাহন নম্বৰ, বাহনৰ মালিকৰ নাম, আপোনাৰ মোবাইল নম্বৰ আৰু অন্যান্য তথ্য আৰক্ষীক দিব লাগিব ।
আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰাটো গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ অবিহনে বীমা কোম্পানীয়ে বাহন চুৰিৰ দাবী মানি ল’ব নোৱাৰে । ইয়াৰ উপৰিও বাহন চুৰিৰ ক্ষেত্ৰত এই তথ্য আপোনাৰ অঞ্চলৰ পৰিবহণ কৰ্তৃপক্ষকো দিব লাগে । প্ৰায়েই মানুহে এই কাম নকৰে, কিন্তু যদি আপোনাৰ বাহনখনৰ অপব্যৱহাৰ হয়, তেন্তে পৰিবহণ কৰ্তৃপক্ষক জনোৱাটোৱে আপোনাক বহু দিশত সহায় কৰিব পাৰে ।
অনলাইন ই-এফ আই আৰো এটা বিকল্প-
লগতে অনলাইনযোগে আপোনাৰ বাহন চুৰি বা ডকাইতিৰ বাবে এফ আই আৰ দাখিল কৰিব পাৰে । যদি আপুনি দিল্লীত থাকে আৰু আপোনাৰ গাড়ী দিল্লীৰ পৰা চুৰি হয়, তেন্তে আপুনি দিল্লী আৰক্ষী খণ্ড সংহত আৰক্ষী নেটৱৰ্ক (ZIPNET) zipnet.delhipolice.gov.in ৰ অফিচিয়েল ৱেবছাইটত গৈ এফ আই আৰ দাখিল কৰিব পাৰে । এই ৱেবচাইটৰ বাওঁফালৰ চুকত আপুনি Stolen Vehicles ৰ বিকল্প পাব । আৰু আগবাঢ়ি যাবলৈ বিকল্পটোত ক্লিক কৰক । ইয়াৰ পিছত আপুনি আপোনাৰ বাহন চুৰিৰ অভিযোগ দাখিল কৰিব পাৰে ।
গাড়ীৰ ক্লেইম কৰিবলৈ এই নথি-পত্ৰসমূহ সাজু কৰি ৰাখক-
-বাহনৰ আৰ চি অৰ্থাৎ পঞ্জীয়ন প্ৰমাণ পত্ৰৰ কপি
-বাহনৰ মালিকৰ আধাৰ কাৰ্ড বা পৰিচয় পত্ৰৰ প্ৰতিলিপি
-বাহনৰ মালিকৰ ড্ৰাইভিং লাইচেন্সৰ প্ৰতিলিপি
-যদি গাড়ীখন ঋণত লোৱা হৈছিল, তেন্তে ঋণৰ চুক্তিৰ কপি
-গাড়ীৰ বীমাৰ কপি
-বীমা দাবীৰ বাবে নথিপত্ৰ
আপোনাৰ বাহনখন চুৰি হোৱাৰ কথা বীমা কোম্পানীক অৱগত কৰিব লাগিব । আৰক্ষীৰ এফ আই আৰৰ কপি দিব লাগিব । ইয়াৰ পিছত কোম্পানীয়ে সম্পূৰ্ণ তদন্ত কৰে আৰু যদি সকলো শুদ্ধ পোৱা যায় তেন্তে আপুনি ক্লেইম পায় । যদি আপোনাৰ বিস্তৃত অটো বীমা নাই, তথাপিও আপুনি আপোনাৰ বীমা সংস্থাক তথ্যখিনি দিব লাগে । ইয়াৰ দ্বাৰা আপোনাৰ বাহনখন চুৰি হৈ কাৰোবাৰ/সম্পত্তিৰ ক্ষতি হ’লে আপুনি নিজকে সুৰক্ষিত কৰিব পাৰিব ।