এগজিট প’লৰ কথা ক’বলৈ গ’লে মুঠ আঠটা পূৰ্বাভাসৰ মতে হাৰিয়ানাত কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে।
শেহতীয়াকৈ হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ পৰা এগজিট প’লৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ প্ৰদৰ্শনৰ ওপৰত আস্থা প্ৰকাশ কৰে। ‘হাৰিয়ানা নিৰ্বাচনৰ সময়ত মই বেছি সময় কৰিব নোৱাৰিলোঁ কিয়নো মোৰ আন ঠাইত কিছু কাম আছিল, গতিকে মই এগজিট প'লৰ ফলাফল তীক্ষ্ণ দৃষ্টিৰে চাবলৈ নাপালোঁ।অৱশ্যে মই তিনিটা সমষ্টিত প্ৰচাৰ চলাইছিলো, আৰু এই পাঁচটা বিধানসভাৰ ভিতৰত তিনিটাত বিজেপিয়ে নিশ্চিতভাৱে জয়ী হ'ব।‘
মঙলবাৰে ঘোষণা কৰা হ’ব হাৰিয়ানা আৰু জম্মু-কাশ্মীৰৰ নিৰ্বাচনৰ ফলাফল।২০১৯ চনৰ বিধানসভা নিৰ্বাচনলৈ উভতি চালে, বেছিভাগ এগজিট প’লে বিজেপিৰ বাবে সংখ্যাগৰিষ্ঠতাৰ ভৱিষ্যদ্বাণী কৰিছিল, হাৰিয়ানা বিধানসভাত ৯০খন আসনৰ বিপৰীতে ৬০খনতকৈ অধিক আসনৰ প্ৰক্ষেপণ আছিল। কিন্তু বিজেপিয়ে ৪০খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৩১খন আসন লাভ কৰে, যদিও ভৱিষ্যদ্বাণী অনুসৰি তেওঁলোকৰ সংখ্যা প্ৰায় ১৮খন আসন বুলি অনুমান কৰা হৈছে।