পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত আজি জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদীৰ সৈতে শ্ৰীনগৰত এক বৈঠকত মিলিত হয়।
এই বৈঠকত এল জিয়ে স্পষ্টকৈ সেনা প্ৰধানক কয় যে ‘পেহেলগাম আক্ৰমণৰ দোষীৰ লগতে সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি আৰু পৰিৱেশ তন্ত্ৰকো ধ্বংস কৰা’।
তেওঁ লগতে কয় যে ‘সন্ত্ৰাসবাদীয়ে য’তেই আত্মগোপন কৰি আছে, তেওঁলোকক বিচাৰি উলিয়াওক আৰু তেওঁলোকৰ কৰ্মৰ বাবে কঠোৰ শাস্তি দিয়ক।সন্ত্ৰাসবাদীয়ে সাধাৰণ নাগৰিকৰ ওপৰত কৰা এই আক্ৰমণৰ গুৰুতৰ মূল্য দিব লাগিব’।
বৈঠকখনত সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদীৰ সৈতে জিঅ’চি কমাণ্ড সুচিন্দ্ৰ কুমাৰৰ, উপ সেনা মুৰব্বী লেফটেনেণ্ট জেনেৰেল প্ৰতীক শৰ্মা আৰু জিঅ’চি ১৫ কৰ্পৰ লেফটেনেণ্ট জেনেৰেল প্ৰশান্ত শ্ৰীবাস্তৱো উপস্থিত থাকে।
পেহেলগাম আক্ৰমণৰ পিছত অনুষ্ঠিত এই বৈঠকত, নিৰাপত্তা পৰিস্থিতি, সেনাৰ অভিযান, নিৰাপত্তা সংস্থাসমূহৰ সমন্বয় আৰু হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী কৌশলৰ বিষয়ে আলোচনা কৰা হয়।