লিভাৰ যাক অসমীয়াত যকৃত বুলি কোৱা মানৱ শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংগ যিয়ে শৰীৰৰ বহুতো কামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । যেনে বিপাকীয় ক্ৰিয়া, প্ৰতিৰোধ ক্ষমতা, হজম, বিষাক্ত পদাৰ্থ আঁতৰোৱা, ভিটামিন সংৰক্ষণ আদি । সামগ্ৰিক স্বাস্থ্যৰ বাবে যকৃতক সুস্থ কৰি ৰখাটো গুৰুত্বপূৰ্ণ । অস্বাস্থ্যকৰ যকৃত থাকিলে যকৃতৰ ৰোগ আৰু বিপাকীয় বিকাৰ হ’ব পাৰে । সেয়ে শৰীৰক সুস্থ কৰি ৰাখিবলৈ যকৃতক সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয় ।
ফলমূল, শাক-পাচলি-
যকৃত সুস্থ কৰি ৰাখিবলৈ দৈনন্দিন খাদ্য তালিকাত ফলমূল আৰু শাক-পাচলি অন্তৰ্ভুক্ত কৰক । পালেং, ব্ৰকলি, বিলাহী, আপেল, আঙুৰ, জামু আদি ফল-মূল আৰু শাক-পাচলি খাব লাগে, কিয়নো ইয়াত এন্টিঅক্সিডেন্ট, ভিটামিন আৰু আঁহ থাকে যিয়ে লিভাৰ সুস্থ কৰি ৰাখে । বিশেষকৈ ছাইট্ৰাছ ফল নিয়মিতভাৱে খালে যকৃতৰ প্ৰদাহ কমি যায় আৰু বিষমুক্তকৰণৰ উন্নতি হয় ।
আঙুৰত বিশেষকৈ এন্টিঅক্সিডেন্ট বেছি থাকে যিয়ে প্ৰদাহ হ্ৰাস কৰাত আৰু আপোনাৰ যকৃতক ক্ষতিৰ পৰা ৰক্ষা কৰাত অতি উত্তম ।
গোটা শস্য-
ইয়াত আঁহ থাকে যিয়ে পাচনত সহায় কৰে আৰু যকৃতক সুস্থ কৰি ৰাখে । গতিকে ব্ৰাউন ৰাইচ, অটচ, কুইনোয়া, বাৰ্লি আদি গোটা শস্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে ।
দালি-
ইয়াত প্ৰটিন আৰু আঁহ থাকে । গতিকে মগু দালি, চানা দালি আৰু মছুৰ দালি আদি যকৃতৰ বাবে স্বাস্থ্যকৰ ।
বাদাম আৰু গুটি-
ইয়াত স্বাস্থ্যকৰ চৰ্বি আৰু এন্টিঅক্সিডেন্ট থাকে । খাদ্যত বাদাম আৰু বীজ যেনে আলমণ্ড, আখৰোট, চিয়া গুটি নিশ্চিতভাৱে অন্তৰ্ভুক্ত কৰক ।
গ্ৰীণ টী-
গৱেষণাৰ মতে গ্ৰীণ টিত এন্টিঅক্সিডেন্ট থকাৰ বাবে যকৃতৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি বিবেচিত হৈছে । বিশেষকৈ কেটেচিন যেনে এপিগালোকেটেচিন গেলেট (EGCG) যিয়ে যকৃতক ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে, প্ৰদাহ হ্ৰাস কৰিব পাৰে, আৰু চৰ্বিযুক্ত যকৃতৰ ৰোগ আৰু যকৃতৰ কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে ।