এই ৩টা অভ্যাসে নীৰৱে ক্ষতি কৰি আছে আপোনাৰ যকৃত!
এই অভ্যাসে ক্ষতি কৰি আছে আপোনাৰ যকৃত
বৰ্তমানৰ ব্যস্ততাপূৰ্ণ জীৱনত অস্বাস্থ্যকৰ খাদ্য আৰু মানসিক চাপে যকৃতৰ লগত জড়িত ৰোগ দ্ৰুতগতিত বৃদ্ধি পোৱাত অৰিহণা যোগাইছে, যাৰ ফলত বিশ্বজুৰি লাখ লাখ লোকৰ মৃত্যু হৈছে । ২০২৩ চনৰ আগষ্ট মাহত জাৰ্নেল অৱ হেপাট’লজীত প্ৰকাশিত এক অধ্যয়ন অনুসৰি প্ৰতি বছৰে প্ৰায় ২০ লাখ লোক যকৃতৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে ।
ইয়াৰ মাজতে ভাল খবৰটো হ’ল যে আপোনাৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসত কেইটামান পৰিৱৰ্তন কৰি আপুনি যকৃতৰ লগত জড়িত বহু ৰোগৰ পৰা নিজকে বহুখিনি ৰক্ষা কৰিব পাৰে । এই প্ৰতিবেদনত চিকিৎসকে কোৱা তিনিটা অভ্যাসৰ বিষয়ে ক’ম যিয়ে আপোনাৰ যকৃতক লাহে লাহে ক্ষতি কৰি আছে ।
সুৰাপানৰ অভ্যাস-
দৈনিক সুৰাপান কৰাটো লিভাৰ ক্ষতিৰ অন্যতম ডাঙৰ কাৰণ । বিশেষজ্ঞ তথা চিকিৎসকৰ মতে, কোনো ব্যক্তিয়ে যদি প্ৰতিদিনে সুৰাপান কৰে তেন্তে ১০ বছৰৰ ভিতৰত তেওঁৰ লিভাৰ বিকল হ’ব পাৰে । সেয়েহে লিভাৰ ক্ষতি ৰোধ কৰিবলৈ সুৰাপান নকৰিব অথবা কৰিলেও অতি কম পৰিমাণত সীমাবদ্ধ ৰাখিব লাগে ।
প্ৰচেছড আৰু জাংক ফুড-
বিশেষজ্ঞৰ মতে আন এটা ডাঙৰ ভুল হৈছে জাংক ফুড খোৱা । এই খাদ্যবোৰত ফেট, চেনি, নিমখ অত্যধিক থাকে । মানুহে প্ৰায়ে বিশ্বাস কৰে যে লিভাৰৰ ৰোগ কেৱল সুৰাপানৰ দ্বাৰাহে হয় কিন্তু সুৰাপান নকৰিলেও আৰু বেছিকৈ জাংক ফুড খালেও লিভাৰ বিকল হ’ব পাৰে । কেলৰি, চেচুৰেটেড ফেট, আল্ট্ৰা প্ৰচেছড খাদ্যই লিভাৰত ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে ।
নিয়মীয়াকৈ পৰীক্ষা নকৰা-
বিশেষজ্ঞসকলৰ মতে মানুহৰ কোনো গুৰুতৰ ৰোগ হ’লেহে পৰীক্ষা কৰা হয় । কিন্তু বাস্তৱত বহু যকৃতৰ ৰোগ নীৰৱে আগবাঢ়ি যায় আৰু প্ৰথম অৱস্থাত কোনো লক্ষণ দেখা নাযায় । সেহেয়ে বছৰত কমেও ১-২ বাৰ লিভাৰ পৰীক্ষা কৰাব লাগে । তেজৰ পৰীক্ষাই ৰোগ আগতীয়াকৈ ধৰা পেলোৱাত সহায় কৰিব পাৰে আৰু সময়মতে চিকিৎসা সম্ভৱ কৰি তোলে ।
যদি আপুনি স্বাস্থ্যসন্মত অভ্যাস গ্ৰহণ কৰে, সুৰাপান নকৰে আৰু সময়ে সময়ে স্বাস্থ্য পৰীক্ষা কৰায়, তেন্তে আপোনাৰ যকৃত দীৰ্ঘদিনলৈ সুস্থ হৈ থাকিব ।
(প্ৰতিবেদনত দিয়া তথ্য সমূহ সাধাৰণ পৰামৰ্শৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)
লগতে পঢ়ক : ওজন হ্ৰাস আৰু উজ্জ্বল ছালৰ বাবে দৈনিক এনেদৰে সেৱন কৰক আমলখিৰ ৰস