মাৰ্চ মাহত মৰিচাছ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । তেওঁ মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব । মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীন ৰামগুলামে এই কথা ঘোষণা কৰে । ৰামগুলামে ইয়াক দুয়োখন দেশৰ ঘনিষ্ঠ দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰমাণ বুলি অভিহিত কৰিছে ।
‘ৰাষ্ট্ৰীয় এছেম্বলী’ত দিলে তথ্য-
শুকুৰবাৰে মৰিচাছৰ প্ৰধানমন্ত্ৰী ৰামগুলমে ‘ৰাষ্ট্ৰীয় এছেম্বলী’ত ভাষণ দি কয় যে, ‘প্ৰধানমন্ত্ৰী মোদীৰ ইমান ব্যস্ততাৰ মাজতো আমি বিশিষ্ট ব্যক্তিত্বক আতিথ্য দিয়াৰ সুযোগ পোৱাটো সঁচাকৈয়ে আমাৰ দেশৰ বাবে বিশেষ সন্মানৰ বিষয় ।’
১২ মাৰ্চত মৰিচাছত ৰাষ্ট্ৰীয় দিৱস উদযাপন-
প্ৰতি বছৰে ১২ মাৰ্চত মৰিচাছত ৰাষ্ট্ৰীয় দিৱস উদযাপন কৰা হয় । ১৯৬৮ চনৰ ১২ মাৰ্চত দেশখনে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰে । ৰামগুলামে কয়, ‘আমাৰ দেশৰ স্বাধীনতাৰ ৫৭ সংখ্যক বৰ্ষপূৰ্তি উদযাপনৰ প্ৰেক্ষাপটত সদনক জনাবলৈ পাই মই অত্যন্ত আনন্দিত হৈছো যে মোৰ আমন্ত্ৰণ অনুসৰি ভাৰতৰ প্ৰধানমন্ত্ৰী মহামহিম নৰেন্দ্ৰ মোদীয়ে আমাৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ মুখ্য অতিথি হিচাপে সন্মতি প্ৰকাশ কৰিছে ।’
ৰামগুলামে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ আমাৰ দুয়োখন দেশৰ ঘনিষ্ঠ সম্পৰ্কৰ প্ৰমাণ । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে যোৱা বছৰ মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল ।