মৰিচাছ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ধৰ্ম গোখুল আৰু তেওঁৰ পত্নীক বিশেষ উপহাৰ প্ৰদান কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি গোখুলক ব্ৰঞ্জ আৰু পিতলৰ পাত্ৰত মহাকুম্ভৰ পবিত্ৰ গংগাজল উপহাৰ দিয়ে । একে সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে মৰিচাছৰ ৰাষ্ট্ৰপতি গোখুলৰ পত্নীক উপহাৰ হিচাপে বানাৰসী শাৰী প্ৰদান কৰে । ইয়াৰ উপৰিও তেওঁ বিহাৰৰ বিখ্যাত ছুপাৰফুড মাখানাও উপহাৰ হিচাবে দিয়ে ।
মৰিচাছৰ ৰাষ্ট্ৰপতিৰ পত্নীক প্ৰধানমন্ত্ৰী মোদীয়ে উপহাৰ দিলে বানাৰসী শাৰী-
মৰিচাছৰ ৰাষ্ট্ৰপতিৰ পত্নীক প্ৰধানমন্ত্ৰী মোদীয়ে উপহাৰ দিলে বানাৰসী শাৰী । এই শাৰী সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক, ইয়াৰ মিহি ৰেচম, জটিল ব্ৰকেড কামৰ বাবে পৰিচিত । এই সুন্দৰ শাৰীখন ৰাজকীয় নীলা ৰঙৰ, ৰূপালী জৰিৰ আৰ্হি আৰু এক অত্যাশ্চৰ্য পল্লুৰে সজ্জিত, যি ইয়াক বিবাহ, উৎসৱ আৰু বিশাল উদযাপনৰ বাবে আদৰ্শ কৰি তোলে ।
এই শাৰীখনৰ সৈতে গুজৰাটৰ পৰা অহা এটা সাদেলি বাকচো প্ৰদান কৰা হয়, যিটো বহুমূলীয়া শাৰী, গহনা বা স্মৃতি ৰখাৰ বাবে ডিজাইন কৰা হৈছে ।
গোখুলৰ পূৰ্বে মৰিচাছৰ সমকক্ষক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ-
ৰাষ্ট্ৰপতি গোখুলক সাক্ষাৎ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সমকক্ষ নবীনচন্দ্ৰ ৰামগুলামক সাক্ষাৎ কৰে আৰু দুয়োগৰাকী নেতাই ছাৰ ছিউছাগুৰ উদ্ভিদ উদ্যানত এজোপা গছ ৰোপণ কৰে ।