দুদিনীয়া ভ্ৰমণসূচীৰে মৰিচাছত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । মৰিচাছত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনোৱা হয় । প্ৰধানমন্ত্ৰী নবীন ৰামগুলামে মোদীক মালা পিন্ধাই বিমানবন্দৰত আদৰণি জনায় । তেওঁৰ লগত উপ-প্ৰধানমন্ত্ৰী, মৰিচাছৰ মুখ্য ন্যায়াধীশ, সংসদৰ অধ্যক্ষ, বিৰোধী দলৰ নেতা, বৈদেশিক মন্ত্ৰী, কেবিনেট সচিব, গ্ৰেণ্ড প’ৰ্ট জিলা পৰিষদৰ অধ্যক্ষকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে । সাংসদ, বিধায়ক, কূটনৈতিক প্ৰতিনিধি দল, ধৰ্মীয় নেতাকে ধৰি মুঠ ২০০ জন গণ্যমান্য ব্যক্তিয়ে প্ৰধানমন্ত্ৰীক আদৰণি জনাবলৈ বিমান বন্দৰত উপস্থিত থাকে ।
বিষয়াসকলে কয় যে মঙলবাৰৰ পৰা আৰম্ভ হোৱা এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে সামৰ্থ্য বিকাশৰ পৰা আৰম্ভ কৰি সম্প্ৰদায়ভিত্তিক আন্তঃগাঁথনি প্ৰকল্পলৈকে ২০টাতকৈয়ো অধিক মেড ইন ইণ্ডিয়া প্ৰকল্প উদ্বোধন কৰিব ।
ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে সমকক্ষ নবীনচন্দ্ৰ ৰামগুলামৰ সৈতে অসামৰিক সেৱা মহাবিদ্যালয় ভৱন উদ্বোধন কৰিব । এই ভৱনটোৰ নিৰ্মাণ প্ৰায় ৪৭.৫ লাখ ডলাৰ ব্যয় কৰি সম্পূৰ্ণ কৰা হৈছে । ২০১৭ চনত এই প্ৰকল্পৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল ।
প্ৰায় ৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ২০টা সামূহিক প্ৰকল্প আৰু আঞ্চলিক স্বাস্থ্য কেন্দ্ৰও ই-উদ্বোধন কৰিব মোদীয়ে । এই সামূহিক প্ৰকল্পসমূহৰ ভিতৰত ক্ৰীড়া সম্পৰ্কীয় আন্তঃগাঁথনিও অন্তৰ্ভুক্ত আছে ।
‘আমি সন্মানিত অনুভৱ কৰিছো’
বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনোৱা হয় । মৰিচাছৰ উপ-বিদেশ মন্ত্ৰী হাম্বিৰাজন নৰসিংহনে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৰিচাছ ভ্ৰমণত তেওঁ সন্মানিত অনুভৱ কৰিছে । ইয়াক ‘বিশেষ অনুষ্ঠান’ বুলি অভিহিত কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনোৱাৰ বাবে বিমানবন্দৰত ৩৪জন মন্ত্ৰীয উপস্থিত থাকে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীক অতি আড়ম্বৰেৰে আদৰণি জনোৱা হয় ।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে দুদিনীয়া ভ্ৰমণৰ বাবে সোমবাৰে গভীৰ নিশা মৰিচাছলৈ ৰাওনা হয় । ১২ মাৰ্চত মুখ্য অতিথি হিচাপে দেশখনৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনত অংশগ্ৰহণ কৰিব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে এই ভ্ৰমণৰ লক্ষ্য হৈছে “ভাৰত-মৰিচাছৰ চিৰস্থায়ী সম্পৰ্ক শক্তিশালী কৰা” ।
কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?
মৰিচাছ ভ্ৰমণৰ পূৰ্বে সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই ভ্ৰমণে দুয়োখন দেশৰ সম্পৰ্কৰ এক “নতুন আৰু উজ্জ্বল” অধ্যায় মুকলি কৰিব । ইফালে, মৰিচাছৰ বৈদেশিক মন্ত্ৰী ধনঞ্জয় ৰামফুলে জনোৱা মতে প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ সময়ত ১২ মাৰ্চত ক্ৰেডিট লাইন সন্দৰ্ভত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’ব । ২০১৬ চনত ভাৰতে মৰিচাছক ৩৫৩ মিলিয়ন ডলাৰৰ বিশেষ অৰ্থনৈতিক পেকেজ প্ৰদান কৰিছিল । ইয়াৰ ভিতৰত আছে মেট্ৰ’ এক্সপ্ৰেছ প্ৰজেক্ট, উচ্চতম ন্যায়ালয় ভৱন, নিউ ই এন টি হাস্পতাল, ছ’চিয়েল হাউছিং প্ৰজেক্ট আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে ডিজিটেল টেবলেট ।