ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি মৰান ছাত্ৰ সন্থা আৰু মটক যুৱ ছাত্ৰ সন্মিলনে ১২ ঘন্টীয়া বন্ধ ঘোষণা কৰাৰ পাছতে ডিব্ৰুগড়ত সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গ’ল । পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ বাৰঘন্টীয়া বন্ধ ঘোষণা কৰা হৈছে।
ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্যৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ।
জনজাতিকৰণৰ নামত বিজেপি নেতৃত্বাধীন চৰকাৰৰ চূড়ান্ত মিথ্যাচাৰ আৰু ঠগ প্ৰবঞ্চনাৰ বিৰুদ্ধে ২৬ ত তীব্ৰ প্ৰত্যাহ্বান সন্মুখীন হ’ব বুলিও সকীয়নি সংগঠন দুটাৰ ।মৰাণ–মটক ছাত্ৰ সন্থাৰ বন্ধত স্তব্ধ তিনিচুকীয়াৰ জনজীৱনো। ঠায়ে ঠায়ে টায়াৰ জ্বলাই প্ৰতিবাদ।