ম্যানমাৰত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । ভূমিকম্পৰ ফলত ভাঙি পৰা অট্টালিকাসমূহৰ পৰা মৃতদেহ আঁতৰোৱাৰ প্ৰক্ৰিয়া অব্যাহত আছে । এই বিধ্বংসী ভূমিকম্পৰ ফলত এতিয়ালৈকে দেশখনত ২৭০০ লোকৰ মৃত্যু হৈছে ।
২৮ মাৰ্চত ম্যানমাৰত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয় । ইয়াৰ পিছত ৬.৪ তীব্ৰতাৰ কঁপনিও অনুভৱ হয় । মাটিৰ পৰা ১০ কিলোমিটাৰ তলত, মাণ্ডলে আৰু ছাগেং চহৰৰ সীমান্তত এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল । ভূমিকম্পৰ ফলত আন্তঃগাঁথনি, পথ আৰু আৱাসগৃহৰ ব্যাপক ক্ষতিসাধন হয় । ভূমিকম্পৰ কম্পন কেৱল ম্যানমাৰতে নহয়, চুবুৰীয়া দেশতো অনুভূত হৈছিল । থাইলেণ্ডৰ চিয়াং মাই চহৰতো এই ভূমিকম্পৰ ফলত যথেষ্ট ক্ষতিসাধন হয় ।
ম্যানমাৰৰ সামৰিক চৰকাৰৰ মুৰব্বী জ্যেষ্ঠ জেনেৰেল মিন আং হ্লেইঙে ৰাজধানী নেইপিড’ত সাংবাদিকৰ আগত কয় যে এতিয়ালৈকে ২৭১৯ জন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে । আনহাতে ৪,৫২১জন আহত হোৱাৰ বিপৰীতে ৪৪১জন সন্ধানহীন হৈ আছে । উদ্ধাৰকাৰী দল এতিয়াও ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত বহু অঞ্চলত উপস্থিত হোৱা নাই । গতিকে এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । উদ্ধাৰ অভিযান অব্যাহত আছে ।
ইফালে সাহায্য আৰু উদ্ধাৰ কৰ্মীৰ লগতে স্থানীয় লোকেও নিজৰ আপোনজনক বিচাৰি ধ্বংসাৱশেষ আঁতৰোৱাত ব্যস্ত হৈ পৰিছে । অত্যধিক গৰমৰ বাবে মৃতদেহবোৰৰ পৰা দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰিছে । আনকি বতাহত উশাহ লোৱাটোও কঠিন হৈ পৰিছে । পৰিস্থিতি এনেকুৱা হৈ পৰিছে যে প্ৰায় ৩৫ লাখ লোক গৃহহীন হৈ পৰিছে । লগতে চিকিৎসালয়ত স্থানৰ অভাৱ হোৱাৰ লগতে ৰাস্তাত ৰোগীক সাময়িকভাৱে চিকিৎসা প্ৰদান কৰা হৈছে ।
ভাৰতে প্ৰেৰণ কৰিছে সাহাৰ্য-
ভাৰতে প্ৰথমে ম্যানমাৰলৈ সহায়ৰ হাত আগবঢ়াইছিল । অপাৰেচন ব্ৰহ্মাৰ অধীনত দেশখনলৈ সাহায্য সামগ্ৰী আৰু সাহায্য দল প্ৰেৰণ কৰা হৈছে । ২৯ মাৰ্চ (শনিবাৰ) ভাৰতে ম্যানমাৰক সহায় কৰিবলৈ দুখন নৌসেনাৰ জাহাজ প্ৰেৰণ কৰে । ইয়াৰ জৰিয়তে সেনাৰ এখন ক্ষেত্ৰ চিকিৎসালয় স্থাপনৰ বাবেও যোগান আৰু ১১৮ জন চিকিৎসা কৰ্মী প্ৰেৰণ কৰা হয় । এইবোৰৰ মাজেৰে আহতসকলক সহায় কৰাৰ ব্যৱস্থা কৰা হৈছে ।