শুকুৰবাৰে ম্যানমাৰত সংঘটিত হোৱা প্ৰৱল ভূমিকম্পৰ ফলত ব্যাপক ক্ষতিসাধন হৈছে। এনে পৰিস্থিতিত ভাৰতে সাহায্য হিচাপে ১৫ টন সামগ্ৰী ম্যানমাৰলৈ প্ৰেৰণ কৰিছে।
জানিব পৰা মতে, ভাৰতীয় বায়ুসেনাৰ ষ্টেচন হিন্দনৰ পৰা ভাৰতীয় বায়ুসেনাৰ চি-১৩০জে বিমানত এই সাহাৰ্য সামগ্ৰী ম্যানমাৰলৈ প্ৰেৰণ কৰা হৈছে।
এই সাহাৰ্য পেকেজত টেণ্ট, শোৱা বেগ, কম্বল, ৰেডি টু ইট ফুড, ৱাটাৰ পিউৰিফায়াৰ, হাইজিন কিট, ছ’লাৰ লেম্প, জেনেৰেটৰ চেট আৰু পেৰাচিটামল, এন্টিবায়টিক, চিৰিঞ্জ, গ্ল’ভছ আৰু বেণ্ডেজ আদি অত্যাৱশ্যকীয় সামগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছে।
উল্লেখ্য যে ম্যানমাৰত ভূমিকম্পৰ বহু কম্পন অনুভৱ কৰা হৈছিল। ইয়াৰ ফলত কেৱল ম্যানমাৰতে নহয় থাইলেণ্ডতো যথেষ্ট ক্ষতি হৈছে।
ভূমিকম্পৰ পিছত ৰাইজৰ মাজত আতংকৰ পৰিবেশৰ সৃষ্টি হৈছে। ইফালে থাইলেণ্ডটো গোটেই দিনটোত কেইবাটাও ভূমিকম্পৰ কম্পন অনুভৱ হোৱাৰ লগতে নিশা ১১:৫৬ বজাটো ৪.২ প্ৰাবল্যৰ ভূমিকম্পৰ কম্পন অনুভৱ হয়।
ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি এই ভূমিকম্পৰ গভীৰতা আছিল ১০ কিলোমিটাৰ, যাৰ বাবে ইয়াক আফটাৰশ্বকৰ বাবে সহজ বুলি গণ্য কৰা হয়। ইয়াৰ কেন্দ্ৰ আছিল ম্যানমাৰৰ মাণ্ডলে চহৰৰ ওচৰত।

শুকুৰবাৰে এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে ম্যানমাৰ আৰু থাইলেণ্ডৰ বৃহৎ ভূমিকম্পৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই দুৰ্যোগৰ সময়ত দুয়োখন দেশকে সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ সাজু ভাৰত।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ম্যানমাৰ আৰু থাইলেণ্ডত হোৱা ভূমিকম্পৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ মই চিন্তিত। সকলোৰে সুৰক্ষা আৰু মংগলৰ বাবে প্ৰাৰ্থনা জনাইছো। ভাৰতবৰ্ষই সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ সাজু।