আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ মাত্ৰ কিছু সময় হে বাকী আছে।তাৰ মাজতে ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এগৰাকী মডেলে আনিছে যৌন উৎপিড়নৰ অভিযোগ । ৯০ ৰ দশকত পেছাদাৰী মডেল হিচাপে কাম কৰা ষ্টেচি উইলিয়ামছে ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ১৯৯৩ চনত তেওঁক উৎপীড়ন কৰাৰ অভিযোগ উত্থাপন কৰিছে। ষ্টেচি উইলিয়ামছে কৈছে যে তেওঁ যৌন অপৰাধী জেফ্ৰি এপষ্টাইনৰ জৰিয়তে ট্ৰাম্পক লগ পাইছিল আৰু ঘটনাটো নিউয়ৰ্কৰ ট্ৰাম্প টাৱাৰত সংঘটিত হৈছিল।পেনচিলভেনিয়াৰ বাসিন্দা ৫৬ বছৰীয়া উইলিয়ামছে চাৰ্ভাইভাৰ্ছ ফৰ কমলা নামৰ এটা সংগঠনে আয়োজিত এটা অনুষ্ঠানত এই বিষয়ে মুকলি কৰিছিল। এই সংগঠনটোৱে ২০২৪ চনৰ নিৰ্বাচনত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছক সমৰ্থন কৰিছে।কিন্তু ডনাল্ড ট্ৰাম্পে এই অভিযোগসমূহক নাকচ কৰিছে। তেওঁৰ সমৰ্থনকাৰীয়ে এই অভিযোগবোৰক মিছা বুলি কৈছে। তেওঁলোকে কৈছে যে এই অভিযোগসমূহ ডনাল্ড ট্ৰাম্পৰ প্ৰতিদ্বন্দী কমলা হেৰিছৰ প্ৰচাৰৰ বাবে প্ৰস্তুত কৰা হৈছিল।অৱশ্যে প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হোৱা এইটো প্ৰথম কথা নহয়।