অভিনেত্ৰী তথা মডেল নাটাচা ষ্টানকোভিচ আৰু ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াই বিবাহৰ চাৰি বছৰৰ পিছত বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল।বিচ্ছেদৰ পিছত, অভিনেত্ৰীগৰাকীয়ে কিছু সময়ৰ বাবে তেওঁৰ পুত্ৰ আগাষ্টিয়াৰ সৈতে ছাৰ্বিয়াত আছিল । অৱশ্যে, অলপতে নাটাচা ভাৰতলৈ উভতি অহাৰ লগতে এটা মিউজিক ভিডিঅ’ টো দেখিবলৈ পোৱা গৈছে।
ইফালে, বিবাহ বিচ্ছেদৰ পিছত নীৰৱ হৈ থকা নাতাশা ষ্টানকোভিচে এতিয়া মুখ খুলিছে । নাটাছাই তেওঁৰ প্ৰাক্তন স্বামীৰ সৈতে থকা সম্পৰ্কসন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কৈছে য়ে, “চহৰখনত চৰ্চা হৈ আছে যে মই উভতি যাম। কিন্তু মই কেনেকৈ উভতি যাম ? মোৰ এটা সন্তান আছে, সি ইয়াৰ স্কুললৈ যায়। গতিকে মই উভতি যোৱাটো সম্ভৱ নহয়”।
তেওঁ লগতে কয় যে “আমি (হাৰ্ডিক আৰু মই) এতিয়াও এটা পৰিয়াল। আমাৰ এটা সন্তান আছে আৰু তেওঁ সদায় আমাক এটা পৰিয়াল কৰিয়েই ৰাখিব। মই যাবও নিবিচাৰো কাৰণ অগষ্ট্যই তেওঁৰ পিতৃ-মাতৃ দুয়োৰে সৈতে থাকিব লাগিব। ১০ বছৰ হ’ল আৰু মই প্ৰতি বছৰে একে সময়তে ছাৰ্বিয়ালৈ যাওঁ।”
এগৰাকী অকলশৰীয়া মাতৃ হোৱাৰ সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কয়, “মই অগাষ্ট্যৰ সৈতে বাস কৰি নিজকে ভাল পাবলৈ শিকিছোঁ। মই বুজি পাইছিলো যে শিশুটিৰ সুখৰ বাবে,তাক মোক প্ৰয়োজন আছে, এগৰাকী মাতৃ হিচাপে – সুখী আৰু মানসিকভাৱে স্বাস্থ্যৱান হোৱাৰ প্ৰয়োজন”।
“গতিকে, মোৰ বাবে পৰাজয় হোৱাৰ মানি লোৱাৰ কোনো উপায় নাছিল। মই মাত্ৰ থিয় হ’ব লাগিছিল আৰু এনেকুৱা থিয় হ’ব লাগিছিল যেন কোনেও মোক স্পৰ্শ কৰিব নোৱাৰে। কোনোবাই যিয়েই নকওঁক কিয়, এই মুহূৰ্তত, আপুনি আপোনাৰ মূল্য জানে, আপুনি জানে যে আপুনি কোন, আৰু আপুনি জানে যে আপোনাৰ হৃদয় পৰিষ্কাৰ, কোনেও আপোনাক স্থানান্তৰ কৰিব নোৱাৰে। মই সেই বিন্দুত উপনীত হৈছো।”
কামৰ বিষয়ে উল্লেখ কৰি অভিনেত্ৰীগৰাকীয়ে এইদৰে কৈছিল: “মই সঁচাকৈয়ে কাম কৰিব লাগিব। এটি শিশুক সুখী ৰাখিবলৈ, মাতৃয়েও সুখী হোৱা প্ৰয়োজন। সেইকাৰণে মই কামলৈ উভতি যোৱাৰ সিদ্ধান্ত লৈছিলো। মই পাঁচ বছৰ ধৰি একো কৰা নাই আৰু মই ইয়াক মনত পেলাও। মোৰ জীৱনত কোনো অনুশোচনা নাই কাৰণ মোৰ এটা সন্তান আছে আৰু মই তেওঁক সময় দিওঁ”।