‘সিংঘম এগেইন’ত, অৰ্জুন কাপুৰে খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে। এই চৰিত্ৰটোৰ বাবে তেওঁ যথেষ্ট প্ৰশংসাও লাভ কৰিছে। ছবিখনে ইতিমধ্যে বক্স অফিচতো বৃহৎ উপাৰ্জন কৰিছে। এনে পৰিস্থিতিত, অৰ্জুন কাপুৰে তেওঁৰ ব্যক্তিগত জীৱনৰ কিছুমান কথা প্ৰকাশ কৰিছে।তেওঁ ওজন বৃদ্ধিৰ কাৰণৰো কথা কৈছিল। লগতে তেওঁ আক্ৰান্ত হৈ থকা ৰোগটোৰ বিষয়েও প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে “তেওঁ হতাশাৰ লগতে এটা ৰোগৰ সৈতে যুঁজি আছে। যাৰ ফলত তেওঁৰ ওজন বৃদ্ধি হয়”।
অৰ্জুন কাপুৰে এটা সাক্ষাৎকাৰত কৈছিল যে , যেতিয়া তেওঁ একচন ছবিৰ শ্বুটিং কৰি আছিল, তেতিয়া তেওঁ কিছু হতাশাত ভুগি আছিল। ইয়াৰ বাবে, তেওঁ চিকিৎসকৰ পৰামৰ্শও ল’ব লগা হৈছিল। তেওঁ চিকিৎসকৰ ওচৰলৈ যোৱাৰ লগতে হতাশাৰ পৰা ওলাই আহিবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল”।
অৰ্জুন কাপুৰে কৈছিল যে “থেৰাপিৰ প্ৰক্ৰিয়া যোৱা বছৰ আৰম্ভ হৈছিল”।তেওঁ লগতে কৈছিল যে “মই নাজানিছিলো যে মই হতাশাত আছোঁ। মই আনকি বুজি পোৱা নাছিলো যে কিবা এটা সঠিক হোৱা নাই। মই কেতিয়াও নেতিবাচ চিন্তা কৰা ব্যক্তি নাছিলো। কিন্তু সেই সময়ত, মই খুব নেতিবাচক চিন্তা কৰিছিলো। যেতিয়া মই আনক কাম কৰা দেখিছিলো, মই অনুভৱ কৰিছিলো যে মই এই কামটো কৰিব নোৱাৰিম। ময়ো এটা সুযোগ পাম নেকি? তাৰ পিছত যেতিয়া মই বুজি কি হৈ আছে বুজি নাপালো, তেতিয়া মই চিকিৎসকৰ সহায় বিচাৰিছিলো। মই থেৰাপিষ্টৰ ওচৰলৈ গৈছিলো। তেতিয়া মই গম পালোঁ যে মোৰ কিছু হতাশা আছে।”
তেওঁ আৰু কয় যে “তেওঁ হাশিমোটো নামৰ এটা ৰোগৰ সৈতেও যুঁজি আছে। যি টো থাইৰইড ৰোগৰ দৰে। ই ওজনও বৃদ্ধি কৰে। মোৰ শৰীৰেও ইয়াৰ পৰা বহুত কষ্ট পাইছে”। অৰ্জুনে কৈছিল যে “তেওঁ ৩০ বছৰ বয়সত এই ৰোগত আক্ৰান্ত হৈছিল। তেওঁৰ মাক মনা কাপুৰ আৰু ভগ্নী অংশুলা কাপুৰৰো এই ৰোগত আক্ৰান্ত”।