আৰু মাত্ৰ কেইটামান ঘন্টাৰ পাছতেই সময়ৰ সোঁতত বিলীন নহৈ যাব ২০২৪ বৰ্ষ । এই সময়ছোৱাত যদি আমি পিছলৈ ঘূৰি চাওঁ, তেন্তে এই বছৰ ভাৰতে বহু ক্ষেত্ৰত বৃহৎ সাফল্য লাভ কৰিছে । ইয়াৰ ভিতৰত দীৰ্ঘ দূৰত্বৰ হাইপাৰছ’নিক মিছাইলৰ সফল পৰীক্ষণৰ পৰা আৰম্ভ কৰি ঔষধ উৎপাদন খণ্ডত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে আত্মপ্ৰকাশ কৰাটোও অন্যতম । ২০২৪ চনত ভাৰতে আন এক মাইলৰ খুঁটি অৰ্জন কৰিছে । এইবাৰ দেশত ইউ পি আইৰ জৰিয়তে অভিলেখ সংখ্যক ১৬.৫ বিলিয়ন লেনদেন সংঘটিত হৈছে ।
MyGovIndia এ সামাজিক মাধ্যম এক্স ত নিজৰ অফিচিয়েল একাউণ্টত এই সন্দৰ্ভত লিখিছে যে ২০২৪ বৰ্ষটো ভাৰতৰ বাবে ঐতিহাসিক আছিল কাৰণ এই সময়ছোৱাত বহু ডাঙৰ ডাঙৰ সাফল্য লাভ কৰা হৈছিল, বিভিন্ন খণ্ডত ভাল কাম কৰা হৈছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত উন্নত ভাৰতৰ এই যাত্ৰাই বিশ্বক অনুপ্ৰাণিত কৰিব ।
২০১৬ চনত আৰম্ভ হৈছিল ইউ পি আই-
২০১৬ চনত দেশত আৰম্ভ হৈছিল এই ডিজিটেল ব্যৱস্থা আৰু ই আজিলৈকে লেনদেনৰ সৰ্বাধিক পৰিসংখ্যা । চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত পৰিমাণৰ ক্ষেত্ৰত ১৫.০৪ বিলিয়ন হোৱাৰ বিপৰীতে জুলাই মাহত মূল্যৰ ক্ষেত্ৰত ২০.৬৪ ট্ৰিলিয়ন হয় ।
বিগত মাহৰ তথ্য অনুসৰি এই লেনদেন ব্যক্তি আৰু ব্যৱসায়ীৰ মাজত সামগ্ৰী আৰু সেৱাৰ ক্ৰয় আৰু বিক্ৰীৰ বাবে হৈছিল । অক্টোবৰ মাহত উৎসৱৰ বতৰত ই এক উৎসাহ লাভ কৰিছিল । এইবাৰ প্ৰথমবাৰৰ বাবে ইউ পি আইয়ে ১৬ বিলিয়নৰ পৰিমাণ আৰু ২৩ ট্ৰিলিয়ন পৰিসংখ্যা অতিক্ৰম কৰিলে । ছেপ্টেম্বৰৰ তুলনাত পৰিমাণ ১০ শতাংশ আৰু মূল্য ১৪ শতাংশ বৃদ্ধি পাইছে ।
আগষ্ট আৰু অক্টোবৰ মাহত বহু লেনদেন হৈছিল-
ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্প’ৰেশ্যন (এন পি চি আই)ৰ তথ্য অনুসৰি চলিত বৰ্ষৰ আগষ্ট মাহত ইউ পি আইৰ জৰিয়তে ১৪.৯৬ বিলিয়ন লেনদেন হৈছিল, যাৰ মুঠ মূল্য ২০.৬১ ট্ৰিলিয়ন । অক্টোবৰ মাহত দৈনিক ইউ পি আই লেনদেনৰ সংখ্যা আছিল ৫৩৫ মিলিয়ন । এই সময়ছোৱাত প্ৰতিদিনে গড় লেনদেনৰ মূল্য আছিল ৭৫,৮০১ কোটি টকা । আনহাতে সেয়া আছিল ৫০১ মিলিয়ন আৰু ৬৮,৮০০ কোটি টকা ।