বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা হিংসাক লৈ ভাৰতৰ জনসাধাৰণৰ মাজত যথেষ্ট ক্ষোভ দেখিবলৈ পোৱা গৈছে।
এফালে, বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ বিৰুদ্ধে হোৱা হিংসাৰ বিৰুদ্ধে ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ হৈছে। একে সময়তে, ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক টি ৰাজাই গোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা এটা ডাঙৰ দাবী উত্থাপন কৰিছে।
বিজেপি নেতা আৰু তেলেংগানাৰ বিধায়ক টি ৰাজা সিঙে দেওবাৰে গোৱাত বাংলাদেশত সংঘটিত হিংসাত্মক ঘটনাক লৈ যথেষ্ট হুংকাৰ দিছিল।
ভাষণত টি ৰাজা সিঙে বাংলাদেশত মুছলমানৰ সংখ্যা, লাভ জিহাদ আৰু হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰকে ধৰি বহুতো বিষয়ত মুকলিকৈ বক্তব্য ৰাখে।
বাংলাদেশৰ সন্দৰ্ভত ৰাজাই কয় যে চুবুৰীয়া দেশখনত হিন্দুসকলক হত্যা কৰা হৈছে আৰু তেওঁলোকৰ দোকান লুটি লোৱা হৈছে।
“তেওঁলোকে সহায়ৰ বাবে আবেদন কৰিছে। মই ক’ব বিচাৰো যে বাংলাদেশত হিন্দুসকলৰ সুৰক্ষাৰ বাবে যুঁজ দিবলৈ সাজু। টি ৰাজাই নিজকে বজৰংগী বুলি বৰ্ণনা কৰিছিল”।
টি ৰাজাই কয়, “মোডীজী, মাত্ৰ ১৫ মিনিটৰ বাবে দুৱাৰ খুলি দিয়ক আৰু আমি বাংলাদেশক পৰিষ্কাৰ কৰিম।”টি ৰাজাই ইয়াতে ৰৈ নাথাকি , মঞ্চতে বাংলাদেশৰ পতাকাও ফালি পেলাইছিল আৰু কৈছিল, “যি ভাৰতৰ বিৰুদ্ধে আহে, এয়াই তেওঁলোকৰ ভাগ্য হ’ব।” এইটো প্ৰতিজন হিন্দুৰ ঘৰত হ’ব লাগে।”