মিউজিক,নৃত্য আৰু বিধ্বংসী অগ্নিকাণ্ড…; মৰিশালীলৈ পৰিণত গোৱাৰ নাইট ক্লাৱ

নাইট ক্লাৱ নে মৰিশালী ? মিউজিক,নৃত্য আৰু বিধ্বংসী অগ্নিকাণ্ড। গোৱাৰ নাইট ক্লাৱ ট্ৰেজেডী

গভীৰ নিশালৈকে যি স্থানত সংগীত আৰু আনন্দৰ পৰিৱেশ আছিল,সেই স্থানেই মুহূৰ্ততে হৈ পৰিছিল মৰিশালী।গোৱাৰ ৰাজধানী পানাজীৰ পৰা ২৫ কিলোমিটাৰ নিলগত অৰপোৰাত অৱস্থিত বৰ্চ বয় ৰোমিঅ’ লেন নাইট ক্লাৱত শনিবাৰে নিশা বেলি ডান্স উপভোগ কৰিবৰ বাবে প্ৰায় এশজন লোক গোট খাইছিল।

কিন্তু হঠাৎ চিলিণ্ডাৰ বিস্ফোৰণ আৰু দাউ দাউ কৈ জ্বলি উঠিল নাইট ক্লাৱটো। নিমিষতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে ক্লাৱটো। অগ্নিকাণ্ডটোৰ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ ২৫ জন লোকৰ মৃত্যু হয়।

 অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই জনোৱা মতে, তলৰ মহলাত মানুহ আবদ্ধ হৈ পৰিছিল যাৰ বাবে বেছিভাগেই শ্বাসৰুদ্ধকৰ ফলত মৃত্যুমুখত পৰিছিল।

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে প্ৰথম মহলাত অগ্নিকাণ্ড সংঘটিত হয়। কিন্তু ভিৰ আৰু নাইট ক্লাৱটোৰ সৰু দুৱাৰৰ বাবে তাত থকা লোক সকল ওলাই যাব নোৱাৰিলে। জুই ইমানেই ভয়ংকৰ আছিল যে চাৰিওফালে ক’লা ধোৱা দেখিবলৈ পোৱা গৈছিল।

দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।কেইবা ঘণ্টীয়া চেষ্টাৰ অন্তত নিয়ন্ত্ৰণলৈ অনা হয় জুই।

জানিব পৰা মতে ‘বৰ্চ বাই ৰোমিঅ’ লেন’ নাইট ক্লাবটো অবৈধভাৱে চলাই আছিল। আৰু ক্লাবটোত প্ৰয়োজনীয় নিৰাপত্তাৰ ব্যৱস্থাৰ অভাৱ আছিল।এই অগ্নিকাণ্ডত অসমৰ ৩জন নিহত হয়।

লগতে পঢ়ক: নাইট ক্লাবত বিধ্বংসী অগ্নিকাণ্ড; পৰ্যটকসহ ২৫জনৰ মৃত্যু

গোৱাৰ লেৰাই দেৱী মন্দিৰত অঘটন; পদপৃষ্টহৈ ৭জনৰ মৃত্যু

গোৱাৰ উত্তৰ জিলাৰ শিৰ গাঁৱৰ লেৰাই দেৱী মন্দিৰৰ বাৰ্ষিক মেলাৰ সময়তে শুকুৰবাৰে এটা ডাঙৰ অঘটন সংঘটিত হয় ।

বিপুল জনসমাগমৰ মাজত হোৱা হুলস্থুলৰ ফলত ৭ জন ভক্ত নিহত হোৱাৰ লগতে ৩০ জনৰো অধিক লোক আহত হয়।

ঘটনাটোৰ সময়ত মন্দিৰ চৌহদত পৰম্পৰাগত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা হাজাৰ হাজাৰ ভক্ত উপস্থিত আছিল।

জানিব পৰা মতে হঠাতে জনসমাগম নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ বিশৃংখলতাৰ সৃষ্টি হয়।মানুহে নিজৰ জীৱন বচাবলৈ দৌৰিবলৈ আৰম্ভ কৰিলে যাৰ ফলত বহু লোক তলত পৰি যায় আৰু হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল। গুৰুতৰভাৱে আহত লোকসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ঘটনাটোৰ খবৰ বিয়পি পৰাৰ লগে লগে আৰক্ষী আৰু উদ্ধাৰকাৰী দলে সেই স্থানত উপস্থিত হৈ আহতসকলক উলিয়াই অনাৰ কাম আৰম্ভ কৰে।

উত্তৰ গোৱাৰ আৰক্ষী অধীক্ষক অক্ষত কৌশলে কয় যে এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও সতৰ্কতামূলক ব্যৱস্থা হিচাপে সেই স্থানত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

গোৱাৰ বিচোলিম তালুকাৰ শিৰগাঁও গাঁৱত প্ৰতি বছৰে চৈত্ৰা মাহত উদযাপন কৰা এটা প্ৰধান ধৰ্মীয় আৰু সাংস্কৃতিক উৎসৱ হ’ল লাইৰাই দেৱী ‘যাত্ৰা’।

দেৱী লাৰাইৰ সন্মানত অনুষ্ঠিত এই অনুষ্ঠানত সহস্ৰাধিক ভক্তই অংশগ্ৰহণ কৰে।এই যাত্ৰাৰ বিশেষ পৰম্পৰা হৈছে জুইত খালী ভৰিৰে খোজ কঢ়া।যিটো ভক্তসকলে নিজৰ বিশ্বাসৰ পৰীক্ষা হিচাপে “ধোন্দ” নামৰ ভক্তসকলে কৰে।

আজি গোৱা মুক্তি দিৱস, জানক এই ৰাজ্যখনৰ স্বাধীনতাৰ স্মৰণীয় কাহিনী…

১৯ ডিচেম্বৰত উদযাপন কৰা হয় গোৱা মুক্তি দিৱস । এই দিনটোৱে ১৯৬১ চনত পৰ্তুগীজ শাসনৰ পৰা গোৱা মুক্ত হোৱাৰ ঐতিহাসিক দিনটোক চিহ্নিত কৰে । এই দিৱসত গোৱাৰ স্বাধীনতাৰ বাবে যুঁজ দিয়াসকলৰ সাহস আৰু দৃঢ়তাক উদযাপন কৰা হয়, যি ঐক্যৰ প্ৰতীক । ই ভাৰতৰ ওপৰত যিকোনো ইউৰোপীয় ঔপনিৱেশিক শাসনৰ অন্ত পেলাই ১৯৬১ চনত পৰ্তুগীজ শাসিত গোৱা পুনৰ দখল কৰা ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সাহস আৰু শক্তিৰ প্ৰতীক ।

এই দিনটোৰ ইতিহাস-

এই দিনটোৰ তাৎপৰ্য নিহিত হৈ আছে ১৯৬১ চনৰ ঘটনাত, যেতিয়া ভাৰতীয় সেনাই সফলতাৰে গোৱা দখল কৰি ৪৫১ বছৰীয়া পৰ্তুগীজ শাসনৰ অন্ত পেলাইছিল । যদিও ১৯ শতিকাৰ ভাৰতীয় স্বাধীনতা আন্দোলনৰ কিছু প্ৰভাৱ গোৱাত আছিল, কিন্তু বিশেষ স্পষ্ট হোৱা নাছিল । ১৯৪০ চনত একাংশ গোৱাৰ নাগৰিকে সত্যাগ্ৰহত অংশ লৈছিল ।

১৯৪৭ চনত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছতো গোৱা নিজস্ব সুকীয়া সাংস্কৃতিক আৰু ধৰ্মীয় পৰিচয়েৰে পৰ্তুগীজৰ নিয়ন্ত্ৰণত থাকিল । পৰ্তুগীজ কৰ্তৃপক্ষই নিয়ন্ত্ৰণ ত্যাগ কৰিবলৈ অস্বীকাৰ কৰাত অটল হৈ থাকিল, যাৰ ফলত ভাৰত চৰকাৰ আৰু পৰ্তুগালৰ মাজত দীৰ্ঘদিনীয়া কূটনৈতিক আলোচনা চলিল । প্ৰথম অৱস্থাত শান্তিপূৰ্ণ পদ্ধতিক অগ্ৰাধিকাৰ দি ভাৰত চৰকাৰে কূটনৈতিক সমাধান বিচাৰিছিল কাৰণ ইয়াৰ গুৰুত্ব আছিল স্বাধীন ৰাজকীয় ৰাষ্ট্ৰসমূহক একত্ৰিত কৰা । এই কূটনৈতিক প্ৰচেষ্টাসমূহ যেতিয়া অসফল বুলি প্ৰমাণিত হ’ল, তেতিয়া ভাৰতে কূটনৈতিক সমাধান বিচাৰিবলৈ আৰম্ভ কৰিলে ।

এই দিনটোৰ গুৰুত্ব-

গোৱা মুক্তি দিৱস তাৎপৰ্যপূৰ্ণ কাৰণ ই ১৯৬১ চনত পৰ্তুগীজ ঔপনিৱেশিক শাসনৰ অন্ত পেলাই গোৱাক আনুষ্ঠানিকভাৱে মুক্তি আৰু ভাৰতীয় সংঘত অন্তৰ্ভুক্ত হোৱাৰ প্ৰতীক। এই দিৱসে গোৱাৰ চহকী সাংস্কৃতিক পৰিচয় সংৰক্ষণ কৰাৰ লগতে জাতীয় ঐক্য আৰু সামূহিক প্ৰচেষ্টাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে ।

বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে উদযাপিত এই দিৱসটোৱে নৱপ্ৰজন্মক তেওঁলোকৰ ইতিহাস আৰু গোৱাৰ স্বাধীনতাৰ বাবে কৰা ত্যাগক শলাগ ল’বলৈ অনুপ্ৰাণিত কৰে ।

ইয়াক কেনেকৈ উদযাপন কৰা হয় ?

এই দিৱসটো গোৱাত বিভিন্ন অনুষ্ঠানেৰে উদযাপন কৰা হয় । এই উৎসৱত গোৱাৰ তিনিটা ভিন্ন স্থানৰ পৰা শোভাযাত্ৰা বাহিৰ কৰা হয় । অৱশেষত তিনিওটা পেৰেড আজাদ ময়দানত একত্ৰিত হয় । এই স্থানত পেৰেডৰ সদস্যসকলে স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জনায় । এই উপলক্ষে সুগম সংগীতৰ দৰে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় ।

“মোডীজী, সীমান্তৰ গেট খুলি দিয়ক, ১৫ মিনিটৰ ভিতৰত মচি পেলাম বাংলাদেশক” , বিজেপি বিধায়ক টি ৰাজাৰ হুংকাৰ

বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা হিংসাক লৈ ভাৰতৰ জনসাধাৰণৰ মাজত যথেষ্ট ক্ষোভ দেখিবলৈ পোৱা গৈছে।

এফালে, বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ বিৰুদ্ধে হোৱা হিংসাৰ বিৰুদ্ধে ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ  হৈছে। একে সময়তে, ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক টি ৰাজাই গোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা এটা ডাঙৰ দাবী উত্থাপন কৰিছে।

বিজেপি নেতা আৰু তেলেংগানাৰ বিধায়ক টি ৰাজা সিঙে দেওবাৰে গোৱাত বাংলাদেশত সংঘটিত হিংসাত্মক ঘটনাক লৈ যথেষ্ট হুংকাৰ দিছিল।

ভাষণত টি ৰাজা সিঙে বাংলাদেশত মুছলমানৰ সংখ্যা, লাভ জিহাদ আৰু হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰকে ধৰি বহুতো বিষয়ত মুকলিকৈ বক্তব্য ৰাখে।

বাংলাদেশৰ সন্দৰ্ভত ৰাজাই কয় যে চুবুৰীয়া দেশখনত হিন্দুসকলক হত্যা কৰা হৈছে আৰু তেওঁলোকৰ দোকান লুটি লোৱা হৈছে।

“তেওঁলোকে সহায়ৰ বাবে আবেদন কৰিছে। মই ক’ব বিচাৰো যে বাংলাদেশত হিন্দুসকলৰ সুৰক্ষাৰ বাবে যুঁজ দিবলৈ সাজু। টি ৰাজাই নিজকে বজৰংগী বুলি বৰ্ণনা কৰিছিল”।

টি ৰাজাই কয়, “মোডীজী, মাত্ৰ ১৫ মিনিটৰ বাবে দুৱাৰ খুলি দিয়ক আৰু আমি বাংলাদেশক পৰিষ্কাৰ কৰিম।”টি ৰাজাই ইয়াতে ৰৈ নাথাকি ,  মঞ্চতে বাংলাদেশৰ পতাকাও ফালি পেলাইছিল আৰু কৈছিল, “যি ভাৰতৰ বিৰুদ্ধে আহে, এয়াই তেওঁলোকৰ ভাগ্য হ’ব।” এইটো প্ৰতিজন হিন্দুৰ ঘৰত হ’ব লাগে।”