মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে আহি গ’ল নিৰ্দেশনা। গোলাঘাট জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা । এই নিৰ্দেসনা অনুসৰি পৰীক্ষাৰ্থী সকলে মানি চলিব লাগিব ১০ টাকৈ নিয়ম।
ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নং অনুচ্ছেদৰ অধীনত নিৰ্দেশনা জাৰি কৰা হৈছে।এই নিময় সমূহ অনুযায়ী পৰীক্ষা হলৰ ১০০ মিটাৰ দূৰত্বলৈ সাধাৰণ নাগৰিকৰ প্ৰৱেশ নিষেধ কৰা হৈছে।

পৰীক্ষাৰ্থী বা শিক্ষানুষ্ঠানৰ ব্যক্তিৰ বাহিৰে কোনো লোকে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব। পৰীক্ষা হলৰ ১০০ মিটাৰ দূৰত্বলৈ কোনো লোকে জুম বান্ধি থাকিব নোৱাৰিব।
অনুমতি অবিহনে কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষা হলৰ বাউণ্ডেৰীত। ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা হললৈ কোনোধৰণৰ অনুমোদন নথকা সামগ্ৰী নিব নোৱাৰিব। নিব নোৱাৰিব মোবাইল ফোন, স্মাৰ্ট ঘড়ী, কেলকুলেটৰ।
ইলেক্ট্ৰনিক সামগ্ৰী বা যিকোনো ধৰণৰ সন্দেহযুক্ত সামগ্ৰীও পৰীক্ষাৰ্থীসকলে নিব নোৱাৰিব। ইয়াৰ লগতে পৰীক্ষা হলৰ বাহিৰত অনুমতি অবিহনে কোনেও কৰিব নোৱাৰিব পাৰ্কিং। আনকি পৰীক্ষা হলৰ ১০০ মিটাৰ দূৰত্বলৈ কোনেও ৰখাই থব নোৱাৰিব নিজৰ বাহন।