আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে পেনচিলভেনিয়াত প্ৰচাৰৰ সময়ত ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে দেওবাৰে মেকড’নাল্ডছত উপস্থিত হৈ সমৰ্থকক নিজেই ফ্ৰেন্স ফ্ৰাই পৰিবেশন কৰে । ডেম’ক্ৰেট প্ৰতিদ্বন্দ্বী কমলা হেৰিছৰ সৈতে হোৱাইট হাউছ দখলৰ দৌৰত থকা ৭৮ বছৰীয়া প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে আলু ভাজি থকাৰ সময়ত বগা চাৰ্টৰ ওপৰত ক’লা আৰু হালধীয়া এপ্ৰ’ন আৰু ৰঙা টাই পিন্ধিছিল । ইয়াৰ পিছত ফিলাডেলফিয়াৰ বাহিৰত মেকড’নাল্ডছৰ ফ্ৰেঞ্চাইজিৰ ড্ৰাইভ-থ্ৰু উইণ্ড’ৰ পৰাও ট্ৰাম্পে নিজৰ একাংশ সমৰ্থকক ফ্ৰাই দিয়া দেখা যায় ।
এই সময়ত ট্ৰাম্পে কয় যে, “মোৰ এই কামটো ভাল লাগে । মই ইয়াত বহুত আনন্দ কৰি আছো ।” নিজৰ অফিচিয়েল এক্স (পূৰ্বৰ টুইটাৰ) একাউণ্টত পোষ্ট কৰা এটা ভিডিঅ’ত তেওঁ কয় যে মই সদায় মেকড’নাল্ডছত কাম কৰিব বিচাৰিছিলো ।
ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰিপাব্লিকান পাৰ্টিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁ অনুপ্ৰৱেশকাৰীক আদৰণি জনায়, কিন্তু এই চৰ্তত যে তেওঁলোক আইনগতভাৱে আহিব লাগিব । অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব । চলিত বৰ্ষৰ আগষ্ট মাহলৈকে বিশ্বজুৰি অবৈধভাৱে প্ৰৱেশ কৰাৰ অপৰাধত ২৭.৫ লাখ অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে, যোৱা বছৰ ৩২ লাখ অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল ।