মুম্বাইৰ বান্দ্ৰা ৰে’ল ষ্টেচনত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । ঘটনাটো দেওবাৰে পুৱা ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰত সংঘটিত হৈছিল।প্ৰাপ্ত তথ্য অনুসৰি, সাপ্তাহিক বান্দ্ৰা-গোৰখপুৰ এক্সপ্ৰেছৰ সময় সলনি কৰিছিল ।ইফালে দীপাৱলী উপলক্ষে ঘৰলৈ যোৱাৰ বাবে ষ্টেচনত হৈছিল ব্যাপক জনসমাগম।ৰে’লখন অহাৰ পিছতেই যাত্ৰীসকল খৰখেদা কৰাৰ ফলত সৃষ্টি হয় হুলস্থূলৰ। ভিৰ যথেষ্ট হোৱাৰ ফলত পদপিষ্ট হৈ ৯ জন লোক আহত হয়। তাৰে দুজনৰ অৱস্থা সংকটজনক।
