সোমবাৰে নিশা মুম্বাইত অনুষ্ঠিত হোৱা দীপাৱলী উদযাপনত পত্নী বেগোনা গোমেজৰ সৈতে অংশগ্ৰহণ কৰে স্পেইনৰ ৰাষ্ট্ৰপতি পেড্ৰো ছানচেজে । এই সময়ত স্পেইনৰ ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নীয়ে চাকি জ্বলাই, কিছু আতচবাজীৰে এই উৎসৱ উদযাপন কৰে । লগতে লাডুকে ধৰি সুস্বাদু ভাৰতীয় মিঠাইও উপভোগ কৰে ।
সোমবাৰে পুৱা তিনিদিনীয়া ভ্ৰমণসূচীৰে বাবে ভাৰতত উপস্থিত হয় ছানচেজ । আজি মুম্বাইত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কাইলৈ স্পেইনলৈ ৰাওনা হ’ব তেওঁ । ইয়াৰ পূৰ্বে সোমবাৰে গুজৰাটৰ বাডোদৰাস্থিত টাটা এডভান্সড চিষ্টেমছ লিমিটেডৰ (টিএএছএল) চৌহদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ছানচেজে যৌথভাৱে চি-২৯৫ বিমান নিৰ্মাণৰ বাবে টাটা এয়াৰক্ৰাফ্ট কমপ্লেক্স উদ্বোধন কৰে ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে টাটা এয়াৰক্ৰাফ্ট কমপ্লেক্সে ভাৰত-স্পেইনৰ সম্পৰ্ক গভীৰ কৰি তুলিব । ইয়াৰ উপৰিও ‘মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড’ পদক্ষেপক প্ৰচাৰ কৰিব । তেওঁ কয় যে ৰতন টাটা যদি জীয়াই থকা হ’লহেঁতেন তেন্তে এই কমপ্লেক্সটো উদ্বোধন কৰি তেওঁ অতিশয় সুখী হ’লহেঁতেন । তেওঁ কয় যে চি-২৯৫ বিমান কাৰখানা ভাৰতৰ প্ৰগতিৰ প্ৰতীক । ইয়াৰ উপৰিও বিশ্বজুৰি বিমান ৰপ্তানি কৰাৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰা হৈছে । লগতে বডোদৰাত নিৰ্মিত মেট্ৰ’ ডবা ৰপ্তানিয়ে বিশ্বত ইয়াৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিছে ।