হোলীত, মানুহে উৎসাহেৰে ইজনে সিজনক ৰং সানে।যেতিয়া লৈকে মুখখন ৰঙা, হালধীয়া আৰু সেউজীয়া নহয় তেতিয়া লৈকে হোলী খেলা যেন অনুভৱ কৰা নহয়।
কিন্তু বজাৰত, এনে ৰং আছে যি এবাৰ প্ৰয়োগ কৰিলে, সেইবোৰ আঁতৰ কৰাটো কঠিন কাম হৈ পৰে।এই ৰাসায়নিক ৰঙবোৰৰ ফলত প্ৰায়ে মুখত জ্বলা-পোৰা আৰু অসুবিধা হয়।
ৰাসায়নিক ৰং আঁতৰাবলৈ চাবোন বা ফেচ ৱাছৰ বাৰে বাৰে ব্যৱহাৰ কৰিলেও ছাল অত্যন্ত শুকান হ’ব পাৰে। এনে ক্ষেত্ৰত, আপোনাৰ মুখৰ পৰা ৰং আঁতৰাবলৈ এই প্ৰতিকাৰবোৰ চেষ্টা কৰক। ই কেৱল ৰং পৰিষ্কাৰ কৰাই নহয় ই আপোনাৰ ছালকো কোমল কৰি ৰাখিব।
ইয়াৰ বাবে, এটা বাটিত ২-৩ চামুচ বেচন লওঁক।তাৰ পিছত বেচনখিনিত অলপ গাখীৰ বা দৈ মিহলি কৰক। ভালদৰে মিশ্ৰণ কৰি এতিয়া, ইয়াক মুখত প্ৰয়োগ কৰক আৰু লাহেকৈ আপোনাৰ হাতেৰে ঘঁহি দিয়ক।
বেচনৰ সৈতে গাখীৰ বা দৈৰ এই স্ক্ৰাবে আপোনাৰ মুখৰ ৰং সহজে পৰিষ্কাৰ কৰিব।ইয়াৰ ফলত ছালত কোনো শুষ্কতা নহ’ব, বা কোনো খজুৱতি, জ্বলা-পোৰা নহ’ব।
কিছু সময়ৰ বাবে বেচন ঘঁহি ১৫ৰ পৰা ২০ মিনিট সময় তেনেদৰে তাকিবলৈ দিয়ক। যেতিয়া মুখত প্ৰয়োগ কৰা বেচন খিনি অলপ শুকাই যায়, ইয়াক ঘঁহি পৰিষ্কাৰ কৰক।
মুখখন ভালদৰে পৰিষ্কাৰ কৰাৰ পিছত, মুখত অলপ ক্ৰীম লগাব। যদি আপুনি ক্ৰীম ভাল নাপায়, আপুনি বাদাম তেল বা নাৰিকল তেলৰ সৈতে পাতলকৈ মালিচ কৰিব পাৰে।
ই মুখখন কোমল কৰি তুলিব। যদি আপুনি বিচাৰে তেন্তে আপুনি মুখত এলো ভেৰা জেলো প্ৰয়োগ কৰিব পাৰে।
হাত আৰু ভৰি পৰিষ্কাৰ কৰিবলৈ বেচনৰ আন এটা পেষ্ট ব্যৱহাৰ কৰিব পাৰি। বেচনৰ আনটো পেষ্ট তৈয়াৰ কৰিবলৈ, ২ চামুচ বেচন, ১ চামুচ সৰিয়হ বা নাৰিকল তেল, আধা চামুচ হালধি, আৰু অলপ দৈ মিহলি কৰি পেষ্ট এটা বনাই লওক।
ইয়াক আপোনাৰ হাত আৰু ভৰিত ঘঁহি দিয়ক। হোলীৰ ৰং আঁতৰাবলৈ এইটো এটা সহজ উপায়। ই আপোনাৰ হাত আৰু ভৰি সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিব।
(এই প্ৰবন্ধটো সাধাৰণ তথ্যৰ বাবে, অনুগ্ৰহ কৰি যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওঁক)