মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব ? একনাথ শিণ্ডে গাদীত থাকিব নে চকী এৰি ? কিছু সময় পিছতে প্ৰায় স্পষ্ট হৈ পৰিব এই প্ৰশ্নৰ । কাৰণ বিয়লি ৩ বজাত একনাথ শিণ্ডেই সংবাদমেল অনুষ্ঠিত কৰিব বুলি প্ৰকাশ পাইছে । সংবাদমেলতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদ সন্দৰ্ভত শিণ্ডেই ডাঙৰ ঘোষণা কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে ।
দৰাচলতে মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছৰে পৰাই নতুন মুখ্যমন্ত্ৰীক লৈ চলি আছে জল্পনা-কল্পনা আৰু উত্তেজনা । একনাথ শিণ্ডে, দেৱেন্দ্ৰ ফাড়নৱীছ নে অজিত পাৱাৰ… তিনিওজনৰ সমৰ্থকে তেওঁলোকৰ নেতাজনক মুখ্যমন্ত্ৰীৰ পদৰ বাবে দাবী জনাই আহিছে । ফলাফলৰ দিনটোতো ইয়াৰ প্ৰভাৱ দেখা গৈছিল, যেতিয়া তিনিওজন নেতাৰ সমৰ্থকে মুকলিকৈ তেওঁলোকৰ নেতাক মুখ্যমন্ত্ৰীৰ বাবে দাবী জনাবলৈ আৰম্ভ কৰিছিল ।
মুখ্যমন্ত্ৰী পদৰ সন্দৰ্ভত কোনো বিভ্ৰান্তি নাই: ম্হাস্কে
কিছু সময়ৰ পূৰ্বে একনাথ শিণ্ডেৰ দল শিৱসেনাৰ নেতা নৰেশ ম্হাস্কেৰ মুখ্যমন্ত্ৰী পদ সন্দৰ্ভত বক্তব্য কৰিছিল । মুখ্যমন্ত্ৰী পদৰ সন্দৰ্ভত কোনো ধৰণৰ খেলিমেলি নাই বুলি তেওঁ কয় । তেওঁ কয় যে, দুদিনত চৰকাৰ গঠন নহয় । প্ৰক্ৰিয়াটো চলি আছে । শীঘ্ৰে ঘোষণা কৰা হ’ব মুখ্যমন্ত্ৰীৰ নাম । মহাযুটীৰ নেতাসকলে এই সিদ্ধান্ত ল’ব । অৱশ্যে আমি মুখ্যমন্ত্ৰীৰ পদৰ দাবী জনাইছো । বিহাৰত যেনেকৈ সৰু দল এটাক মুখ্যমন্ত্রী পদ দিয়া হৈছে, ঠিক তেনেদৰে আমিও মুখ্যমন্ত্রী পদটো বিচাৰিছো ৷
সকলো আমাৰ নেতা, সকলোৰে সন্মান আছে : কেছাৰকাৰ
এই বিষয়ত আন এজন শিৱসেনাৰ নেতা দীপক কেছাৰকাৰে বিবৃতি দিছে । দীপক কেছাৰকাৰে কয়, ‘সকলোৱেই আমাৰ নেতা । আমি সকলোকে সন্মান কৰো । এইটো মহাযুটী গোট । আমি গ্ৰেণ্ড এলায়েন্সৰ সূত্ৰৰে বিধানসভা নিৰ্বাচনত জয়ী হৈছো । মুখখন প্ৰধানমন্ত্ৰী মোদীৰ । মোডীৰ নামত আহিছে এই ঢৌ । একে সময়তে দেৱেন্দ্ৰ ফাড়নৱিছে কয় যে তিনিওটা দলে একেলগে চৰকাৰ গঠন কৰিব ।