অৱশেষত ন্যায় পালে শিৱসাগৰৰ ৬০ উৰ্ধৰ এগৰাকী অসহায় মহিলাই । ২০২২ চনৰ মাজভাগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ শিৱসাগৰ ননী দেৱীয়ে পত্ৰ প্ৰেৰণ কৰি বিছাৰিছিল ইচ্ছা মৃত্যু ।
দৰাচলতে শিৱসাগৰ মাজমজিয়াত থকা ননী দেৱীৰ দুখন দোকান ২০ বছৰ ধৰি নিজৰ দখলত ৰাখি অসহায় মহিলাগৰাকীক মানসিক হাৰাশাস্তি কৰি আহিছিল দুজন ব্যক্তিয়ে।

এনেদৰে ভয় শংকাত দিন কটোৱা মহিলাগৰাকীয়ে শেষত জীয়াই থকাৰ সকলো ইচ্ছা শেষ কৰি মুখ্যমন্ত্ৰী লৈ প্ৰেৰণ কৰিছিল পত্ৰখন। তাৰ পিছতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মহিলাগৰাকীৰ একমাত্ৰ ৰোগীয়া পুত্ৰৰ চিকিৎসাৰ ব্যৱস্থা কৰিছিল।
লগতে দোকান জব্দ কৰা বিষয়টোত বিশেষ গুৰত্ব আৰোপ কৰি ন্যায়িক যুঁজৰ বাবে সাহস দিছিল।
অৱশেষত শিৱসাগৰ জিলা আইন সেৱা প্ৰাধিকাৰীয়ে প্ৰদান কৰিলে ন্যায় । তাৰ পিছতেই মুখ্যমন্ত্ৰীক লগ ধৰি কৃতজ্ঞতাৰ চিনৰূপে শৰাই আৰু গামোচা প্ৰদান কৰে ননী দেৱীয়ে।