পুৱা ৮ বজাৰে পৰা চলি আছে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগণনা । প্ৰতি মুহুৰ্তত সলনি হৈছে ৰাজনৈতিক সমীকৰণ । ভোটগণনাৰ আৰম্ভণিৰ পৰাই বৃহৎ অগ্ৰগতি লাভ কৰি থকা কংগ্ৰেছ দলক এইবাৰ অতিক্ৰম কৰিছে শাসনাধীষ্ঠ বিজেপি দলে ।

কংগ্ৰেছক অতিক্ৰম কৰি হাৰিয়ানাত বৃহৎ অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে । ফলত আকৰ্ষণীয় হৈ পৰিছে হাৰিয়ানাৰ ৰাজনৈতিক দৃশ্যপট । বৰ্তমানলৈকে ৪৯ খন আসনত আগবাঢ়ি আছে বিজেপি দল । আনহাতে ৩৫ খন অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে ।
কিছু সময় পূৰ্বলৈ অগ্ৰগতি লাভ কৰি থকা হাৰিয়ানাৰ বহু সমষ্টিত পিছ পৰিল কংগ্ৰেছ দল । ইফালে ৰাজ্যখনত নিৰ্দলীয় প্ৰাৰ্থীয়ে চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা লব পাৰে বুলি অনুমান কৰা হৈছে ।
ভোটগণনাৰ আৰম্ভণিতে কংগ্ৰেছে আগবাঢ়ি আছিল যদিও শেহতীয়াকৈ বিজেপিয়ে পুনৰ গতি লাভ কৰিছে । এই অগ্ৰগতি লাভেৰে এতিয়া, গেৰুৱা দলটো ঐতিহাসিক তৃতীয় কাৰ্যকালৰ বাবে পুনৰ ক্ষমতালৈ আহিবলৈ সাজু হৈছে, ।