আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ আৰম্ভ হ’বলৈ মাত্ৰ কেইটামান দিন বাকী আছে । এইবাৰ ‘হাইব্ৰিড মডেল’ৰ অধীনত পাকিস্তানৰ তিনিখন চহৰ (কাৰাচী, লাহোৰ, ৰাৱালপিণ্ডি) আৰু ডুবাইত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । ১৯ ফেব্ৰুৱাৰীত কৰাচীত পাকিস্তান আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ প্ৰথমখন মেচ । আনহাতে ভাৰতীয় দলটোৱে ২০ ফেব্ৰুৱাৰীত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব ।
ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে ১৫ ফেব্ৰুৱাৰীত (শনিবাৰে) চেম্পিয়নছ ট্ৰফীৰ বাবে ডুবাইত উপস্থিত হয় । ভাৰতীয় খেলুৱৈসকলে মুম্বাইৰ ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ডুবাইলৈ উৰা মাৰে । মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ, সহ-অধিনায়ক শুভমন গীল আৰু তাৰকা বেটছমেন বিৰাট কোহলীকে ধৰি দলৰ অধিকাংশ সদস্যই দলীয় বাছত বিমানবন্দৰত উপস্থিত হয় । এই খেলুৱৈসকলৰ একাংশই অটোগ্ৰাফ বা হাত মিলাই একাংশ অনুৰাগীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে ।
শেহতীয়াকৈ ৰোহিত শৰ্মাৰ নেতৃত্বাধীন দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা মাটিত তিনিওখন এদিনীয়া মেচতে জয়লাভ কৰি অনুৰাগী আৰু দলৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে । অনুৰাগীসকলে আশা কৰিছে যে ভাৰতীয় দলটোৱে আন এক আই চি চি ট্ৰফী লাভ কৰাত সফল হ’ব । যোৱা বছৰ ৱেষ্ট ইণ্ডিজত কৰাৰ দৰেই ।
যদি ভাৰতে চেম্পিয়নছ ট্ৰফীত টি-২০ বিশ্বকাপৰ পুনৰাবৃত্তি কৰিবলগীয়া হয়, তেন্তে তাৰকা বেটছমেন ৰোহিত আৰু কোহলীয়ে ভাল প্ৰদৰ্শন কৰিব লাগিব । শেহতীয়াকৈ ইংলেণ্ডৰ বিৰুদ্ধে খেলা এদিনীয়া শৃংখলাত ৰোহিত আৰু কোহলীয়ে ফৰ্মলৈ ঘূৰি অহাৰ লক্ষণ দেখুৱাইছিল । কটকত খেলা দ্বিতীয়খন এদিনীয়াত ৰোহিতে ৯০টা বলত ১১৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে আহমেদাবাদত অনুষ্ঠিত তৃতীয়খন এদিনীয়াত কোহলীয়ে অৰ্ধশতক (৫২ ৰান) অৰ্জন কৰে । অজিত আগৰকাৰ নেতৃত্বাধীন বাছনি সমিতিয়ে চেম্পিয়নছ ট্ৰফীত দুয়োৰে প্ৰদৰ্শনৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব ।
কোহলী-ৰোহিত এই মাইলৰ খুঁটিৰ ওচৰত-
যদি আমি চাওঁ, বিৰাট কোহলীক এদিনীয়া ইতিহাসত ১৪০০০ ৰান সংগ্ৰহ কৰা তৃতীয়জন বেটছমেন হ’বলৈ ৩৭ ৰানৰ প্ৰয়োজন, আনহাতে ৰোহিতে ১১০০০ ৰান সম্পূৰ্ণ কৰা দশম বেটছমেন হোৱাৰ পৰা মাত্ৰ ১২ ৰান দূৰত আছে । ভাৰতীয় দলৰ একাংশ যুৱ খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰি নিজৰ স্থান সুদৃঢ় কৰিব বিচাৰিব । সহ-অধিনায়ক শুভমন গীলেও নিজৰ উৎকৃষ্ট ফৰ্ম অব্যাহত ৰাখিব বিচাৰিব । আঘাতৰ বাবে টুৰ্ণামেণ্টৰ পৰা বাহিৰ হোৱা যশপ্ৰীত বুমৰাহৰ অনুপস্থিতি ভাৰতীয় দলটো নিশ্চিতভাৱে অনুভৱ কৰিব । এনে পৰিস্থিতিত অৰ্শদীপ সিং আৰু হৰ্ষিত ৰানাৰ দৰে যুৱ খেলুৱৈৰ বাবে এয়া এক ডাঙৰ সুযোগ হ’ব । ‘মিষ্ট্ৰী স্পীনাৰ’ বৰুণ চক্ৰৱৰ্তীয়ে প্ৰমাণ কৰিব বিচাৰিছে যে তেওঁ দলৰ মাৰাত্মক অস্ত্ৰ ।
উল্লেখ্য যে চেম্পিয়নছ ট্ৰফী ২০২৫ত ৮টা দলৰ মাজত মুঠ ১৫খন মেচ অনুষ্ঠিত হ’ব । এই ৮ টা দলক ২ টা গ্ৰুপত ভাগ কৰা হৈছে । ভাৰত আৰু পাকিস্তান একেটা গ্ৰুপ-এত আছে । তেওঁলোকৰ লগত থকা আন দুটা দল হ’ল নিউজীলেণ্ড আৰু বাংলাদেশ । আনহাতে দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, আফগানিস্তান আৰু ইংলেণ্ডক গ্ৰুপ বিত স্থান দিয়া হৈছে । ৮ টা দলে নিজ নিজ গ্ৰুপত ৩-৩ খন খেল খেলিব । ইয়াৰ পিছত প্ৰতিটো গ্ৰুপৰ শীৰ্ষ ২ টা দলে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব । চেম্পিয়নছ ট্ৰফীৰ ১৫খন খেলৰ আটাইকেইখনেই ৪টা স্থানত অনুষ্ঠিত হ’ব । পাকিস্তানত ৩ টা ভেন্যু হব । আনহাতে এটা স্থান হ’ব ডুবাই । ভাৰতীয় দলটোৱে নিজৰ সকলো খেল ডুবাইত খেলিব ।