ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছৰ পৃথিৱীলৈ উভতি অহাটো পুনৰ পিছুৱাই দিয়া হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাই মঙলবাৰে ঘোষণা কৰে যে ২০২৫ চনৰ মাৰ্চ মাহৰ পূৰ্বে সুনীতা আৰু তেওঁৰ সহযোগী মহাকাশচাৰী বাচ্চ উইলমোৰক পৃথিৱীলৈ ঘূৰাই অনা টো সম্ভৱ নহ’ব।
মহাকাশচাৰী দুজন ২০২৪ চনৰ জুন মাহৰ পৰা আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰতে (আইএছএছ) আৱদ্ধ হৈ আছে। বোয়িংৰ ষ্টাৰলাইনাৰ মহাকাশযানত হোৱা বিজুতিৰ ফলত তেওঁলোকৰ অভিযানটো আঠ মাহৰ দীঘলীয়া হয়।
নাছাই পূৰ্বে কৈছিল যে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত, এখন মহাকাশযানে সুনীতা আৰু বাচ্চক ঘূৰাই আনিবলৈ মহাকাশ কেন্দ্ৰলৈ যাব।
অৱশ্যে, শেহতীয়া আপডেটত, নাছাই কৈছে যে মহাকাশযানখন ২০২৫ৰ মাৰ্চ মাহৰ শেষলৈকে উৎক্ষেপণ কৰা নহ’ব। অৰ্থাৎ, সুনীতা আৰু বুচ্চে এতিয়া আৰু এমাহ মহাকাশত থাকিব লাগিব।
নাছাই সুনীতা আৰু বাচ্চক পৃথিৱীলৈ ঘূৰাই আনিবলৈ নাছাই এলন মাস্কৰ কোম্পানী স্পেচএক্সক দায়িত্ব দিছিল। ক্ৰু-১০ ড্ৰেগন কেপচুলৰ জৰিয়তে দুয়োজন মহাকাশচাৰী উভতি আহিব।

মঙলবাৰে, নাছাই কৈছিল যে ক্ৰু-১০ ক মাৰ্চ ২০২৫-ৰ পূৰ্বে উৎক্ষেপণ কৰা নহ’ব। এটা ব্লগ পোষ্টত নাছাই কয়, “এই পৰিৱৰ্তনৰ ফলত নাছা আৰু স্পেচএক্স দলসমূহে অভিযানটোৰ বাবে নতুন ড্ৰেগন মহাকাশযানত প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ সময় লাভ কৰিছে”।
এক প্ৰতিবেদন অনুসৰি স্পেচ ষ্টেচনত পুৰণি কৰ্মচাৰীসকলক মহাকাশ কেন্দ্ৰলৈ ঘূৰাই অনাৰ পূৰ্বে, নতুন কৰ্মচাৰীসকলক উৎক্ষেপণ কৰা প্ৰয়োজন আছে।পৰৱৰ্তী অভিযানৰ শুভাৰম্ভ কৰোতে আগুৱাই নিয়া হৈছে।
নাছাৰ কমাৰ্চিয়েল ক্ৰু প্ৰগ্ৰাম মেনেজাৰ ষ্টিভ ষ্টিচে কয়, “নতুন মহাকাশযান এখনৰ নিৰ্মাণ, সমাবেশ, পৰীক্ষা আৰু চূড়ান্ত একত্ৰীকৰণ হৈছে এক ক্লান্তিকৰ প্ৰক্ৰিয়া যাৰ বাবে যথেষ্ট বিৱৰণৰ প্ৰয়োজন।”
উল্লেক্য যে নাছাৰ দুয়োজন মহাকাশচাৰী ৫ জুনত ষ্টাৰলাইনাৰত এসপ্তাহজোৰা অভিযানত মহাকাশ কেন্দ্ৰত উপস্থিত হৈছিল। তেওঁলোকৰ উৰণৰ সময়ত, মহাকাশযানখনত কিছুমান ত্ৰুটি লক্ষ্য কৰা হৈছিল।

এবাৰ আই.এছ.এছ.-ত ডক কৰাৰ পিছত, ষ্টাৰলাইনাৰত হিলিয়াম লিক আৰু থ্ৰাষ্টাৰ চিনাক্ত কৰা হৈছিল। নাছা আৰু বোয়িংৰ মাজত হোৱা কাজিয়াৰ পিছত, সিদ্ধান্ত লোৱা হৈছিল যে ষ্টাৰলাইনাৰটো খালীকৈয়ে পৃথিৱীলৈ ঘূৰাই অনা হ’ব।
সুনীতা আৰু বাচ্চক পৃথিৱীলৈ ঘূৰাই অনাৰ বাবে মাস্কৰ কোম্পানী স্পেচএক্সে সহায় আগবঢ়াইছিল। কোম্পানীটোৱে তেওঁলোকৰ ক্ৰু-৯ ড্ৰেগন কেপচুলত দুখন আসন খালী কৰিবলৈ সন্মত হৈছিল।
সেই মহাকাশযানখনে তেওঁলোকক ২০২৫ চনৰ ফেব্ৰুৱাৰীত পৃথিৱীলৈ ঘূৰাই অনাৰ কথা আছিল।অৱশ্যে, নাছাৰ শেহতীয়া ঘোষণাই সূচায় যে দুয়োজন মহাকাশচাৰী মাৰ্চৰ পূৰ্বে উভতি আহিব নোৱাৰিব। এপ্ৰিলৰ আৰম্ভণিলৈকে হয়টো তেওঁলোকে অপেক্ষা কৰিব লাগিব পাৰে!