আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফ্ৰান্স ভ্ৰমণৰ তৃতীয় দিন । বুধবাৰে দেশখনৰ মাৰ্চেইলত ভাৰতৰ নতুন কনছুলেট জেনেৰেল উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মেক্ৰনে । দুয়োগৰাকী নেতাই যৌথভাৱে বুটাম টিপি মাৰ্চেইলত নতুন ভাৰতীয় কনছুলেট উদ্বোধন কৰে । এই সময়ত তাত উপস্থিত ভাৰতীয় সম্প্ৰদায়ৰ আন আন সদস্যসকলেও হাত চাপৰি বজাই আদৰণি জনায় তেওঁক । লগতে প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সৰ সেনাবাহিনীক ভাৰতত নিৰ্মিত পিনাকা মাল্টি বেৰেল লঞ্চাৰ চাবলৈ আমন্ত্ৰণ জনায় ।
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে মাৰ্চেইল চহৰৰ ঐতিহাসিক মাজাৰগুৱেছ যুদ্ধ কবৰস্থানত উপস্থিত হৈ প্ৰথম বিশ্বযুদ্ধত সৰ্বোচ্চ বলিদান দিয়া ভাৰতীয় জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনায় । এই যুদ্ধ স্মৃতিসৌধ কমনৱেলথ ৱাৰ গ্ৰেভছ কমিছনে (CWGC) ৰক্ষণাবেক্ষণ কৰে ।
ইয়াৰ পিছতে আজি ২ দিনীয়া আমেৰিকা ভ্ৰমণৰ বাবে ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী আৰু যোৱা মাহত শপত গ্ৰহণৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰা প্ৰথম কেইজনমান নেতাৰ ভিতৰত অন্যতম হ’ব । তথ্য অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰাম্পৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাত গুৰুত্ব দিব ।
৩ দিনীয়া ফ্ৰান্স ভ্ৰমণৰ শেষত দেশখনৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে প্ৰধানমন্ত্ৰী মোদীক তেওঁ অহা বছৰ ভাৰত ভ্ৰমণ কৰিব বুলি প্ৰকাশ কৰে । মঙলবাৰে তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে এআই একচন ছামিটৰ সহ-অধ্যক্ষতা কৰে আৰু ব্যৱসায়িক নেতাসকলক সম্বোধন কৰে । ১০ ফেব্ৰুৱাৰীত পেৰিছত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোদী ।