প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমান গোয়ানা ভ্ৰমণত আছে । জৰ্জটাউন পোৱাৰ লগে লগে তেওঁক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় আৰু তেওঁক গাৰ্ড অৱ অনাৰ দিয়া হয় । গোয়ানাৰ ৰাষ্ট্ৰপতি ইৰফান আলীয়ে প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰি তেওঁৰ প্ৰভাৱশালী নেতৃত্ব আৰু উন্নয়নশীল বিশ্বলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ‘নেতাসকলৰ মাজত চেম্পিয়ন’ আখ্যা দিয়ে । তেওঁ মোদীৰ শাসন শৈলীক প্ৰশংসা কৰি গোয়ানা আৰু অন্যান্য দেশত ইয়াৰ প্ৰাসংগিকতা আৰু গ্ৰহণযোগ্যতাৰ কথা উল্লেখ কৰে ।
ৰাষ্ট্ৰপতি ইৰফানে প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোদীক-
যুটীয়া বিবৃতিৰ সময়ত ৰাষ্ট্ৰপতি ইৰফান আলীয়ে কয়, “প্ৰধানমন্ত্ৰী মোদীক বহুত ধন্যবাদ, আপোনাক ইয়াত পোৱাটো আমাৰ বাবে এক ডাঙৰ সন্মান । আপুনি নেতাসকলৰ মাজত এজন চেম্পিয়ন, আপুনি অবিশ্বাস্যভাৱে নেতৃত্ব দিছে । আপুনি উন্নয়নশীল বিশ্বক পথ দেখুৱাইছে আৰু আপুনি উন্নয়নৰ মাপকাঠি আৰু গাঁথনি সৃষ্টি কৰিছে যিবোৰ বহুলোকে তেওঁলোকৰ দেশত গ্ৰহণ কৰি আছে । ইয়াৰ বহুতো আমাৰ বাবে গোয়ানাত প্ৰাসংগিক ।”
‘মাৰ নামত এজোপা গছ’ ৰোপণ-
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ইৰফান আলীয়ে জৰ্জটাউনত ‘মাতৃৰ নামত এজোপা গছ’ পদক্ষেপৰ অধীনত এটা গছপুলি ৰোপণ কৰে । বুধবাৰে গোয়ানাত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদী হৈছে ৫০ বছৰতকৈও অধিক সময়ৰ ভিতৰত গোয়ানা ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় প্ৰধানমন্ত্ৰী ।