যেতিয়াই প্ৰ’টিনৰ বিষয়ে আলোচনা কৰা হয়, প্ৰথম কথাটো মনলৈ আহে মাংস, মাছ আৰু কণীৰ দৰে আমিষ খাদ্য।কিন্তু সকলো লোকেই আমিষ খাদ্য খোৱা টো সম্ভৱ নহয়, সেয়েহে তেওঁলোকে আন এটা বিকল্প পথ বিচাৰিব লাগে।প্ৰ’টিন হৈছে আমাৰ বাবে এক অতি গুৰুত্বপূৰ্ণ পুষ্টি যি আমাৰ পেশী শক্তিশালী কৰে, যাৰ দ্বাৰা শৰীৰটো শক্তিশালী হৈ থাকে। সেয়ে শৰীৰত কেতিয়াও এই পুষ্টিৰ অভাৱ হ’বলৈ দিব নালাগে।
উচ্চ প্ৰ’টিনযুক্ত ফল—বিশেষজ্ঞ সকলৰ মতে , প্ৰ’টিনৰ বাবে অত্যাধিক মাংস খোৱাটো এক বিপদজনক হ’ব পাৰে,কাৰণ ই আপোনাক যথেষ্ট চৰ্বি প্ৰদান কৰে।
যাৰ ফলত পাকস্থলী আৰু কঁকালত চৰ্বি জমা কৰিব পাৰে।ইয়াৰ বাবে, আপুনি চৰ্বি নথকা খাদ্য বাছনি কৰিব লাগিব আৰু লগতে যথেষ্ট পৰিমাণৰ প্ৰ’টিনও প্ৰাপ্ত কৰিব লাগিব। এনে পৰিস্থিতিত, কি কি ফল খাব লাগে জানো আহক—
মধুৰিআম- মধুৰিআম হৈছে এক অতি সুস্বাদু ফল। যাক পোনপটীয়াকৈ বা চালাড হিচাপে খোৱা হয়, মধুৰিআমেৰে জুচ আৰু জেলীও প্ৰস্তুত কৰিব পাৰি।
ইয়াত ৰঙা আৰু বগা মণ্ড থাকে, যি হৈছে ফাইবাৰৰ এক সমৃদ্ধ উৎস।যদি আপুনি ১০০ গ্ৰাম মধুৰিআম খায়, আপুনি প্ৰায় ২.৬ গ্ৰাম প্ৰ’টিন পাব।
খেজুৰ- মধ্য প্ৰাচ্যৰ দেশবোৰত শতিকা ধৰি খেজুৰক মুখ্য ফল হিচাপে খায়। ভাৰতৰো বহু স্থানত খেজুৰৰ খেতি কৰা হয়।
ইয়াৰ সোৱাদে আমাৰ সকলোকে আকৰ্ষিত কৰে। আপুনি ইয়াক বিভিন্ন ধৰণে খাব পাৰে।১০০ গ্ৰাম খেজুৰত ২.৪৫ গ্ৰাম প্ৰ’টিন আৰু ৮ গ্ৰাম ফাইবাৰ থাকে।