মহিলা টি-২০ বিশ্বকাপ ২০২৪ৰ ফাইনেলত স্থান নিশ্চিত কৰিছে নিউজীলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ দলে । দুয়োটা দলে ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে এটা কথা সিদ্ধান্ত হ’ল যে এটা দলে নিশ্চিতভাৱে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিব । কেৱল নিউজীলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা দলেই নহয় আনকি পুৰুষৰ দলেও এতিয়ালৈকে এটাও টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিব পৰা নাই ।
২০ অক্টোবৰ, দেওবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মহিলা টি-২০ বিশ্বৰ ২০২৪ চনৰ ফাইনেল মেচ । ভাৰতীয় সময় অনুসৰি এই খেলখন সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব । এই মেচত বিজয়ী দলটোৱে ইতিহাসৰ সৃষ্টি কৰিব, কাৰণ বিজয়ী দলটোৱে নিজৰ দেশক প্ৰথম টি-২০ বিশ্বকাপ খিতাপ উপহাৰ দিব । এতিয়া কোনটো দলে জয়ী হয় সেয়া চাবলৈ উৎসুক হৈ আছে অনুৰাগী ।
২০২৪ চনৰ পুৰুষৰ টি-২০ বিশ্বকাপত দক্ষিণ আফ্ৰিকাই ফাইনেলত প্ৰৱেশ কৰিছিল । ইয়াত আফ্ৰিকাই টিম ইণ্ডিয়াৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল, যাৰ বাবে তেওঁলোকে টি-২০ বিশ্বকাপৰ খিতাপ জয় কৰিবলৈ ব্যৰ্থ হৈছিল । এতিয়া আফ্ৰিকান মহিলা দলটোৱে ফাইনেলত কেনে প্ৰদৰ্শন আগবঢ়ায় সেয়া চাবলৈ সকলো অপেক্ষাৰত ।
মহিলা টি-২০ বিশ্বকাপত এতিয়ালৈকে নিউজীলেণ্ড আৰু আফ্ৰিকাৰ প্ৰদৰ্শন-
নিউজীলেণ্ডঃ গ্ৰুপ পৰ্যায়ত ৪ খন খেলৰ ভিতৰত ৩ খন খেলত জয়লাভ কৰে নিউজীলেণ্ডে । গ্ৰুপ পৰ্যায়ত নিউজীলেণ্ডে প্ৰথমখন খেলত টিম ইণ্ডিয়াক পৰাস্ত কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হয় । তাৰ পিছত গ্ৰুপ পৰ্যায়ৰ তৃতীয়খন খেলত নিউজীলেণ্ডে শ্ৰীলংকাক পৰাস্ত কৰে আৰু চতুৰ্থখন মেচত পাকিস্তানক পৰাস্ত কৰে । ইয়াৰ পিছত আফ্ৰিকাই ছেমি ফাইনেলত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ।
দক্ষিণ আফ্ৰিকাঃ গ্ৰুপ বিত থকা দক্ষিণ আফ্ৰিকাইও গ্ৰুপ পৰ্যায়ত ৪খন মেচৰ ভিতৰত ৩খন খেলত জয়লাভ কৰে । আফ্ৰিকান দলটোৱে ৱেষ্ট ইণ্ডিজ, স্কটলেণ্ড আৰু বাংলাদেশক পৰাস্ত কৰে । ইংলেণ্ডৰ বিৰুদ্ধে খেলখনত দলটো পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । তাৰ পিছত ছেমি ফাইনেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰাৰ পিছত দলটোৱে ফাইনেলত প্ৰৱেশ কৰে ।