কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দেওবাৰে মহাৰাষ্ট্ৰ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ ইস্তাহাৰ মুকলি কৰে। এই ইস্তাহাৰত, বিজেপিয়ে কৃষকৰ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে, মহিলাসকলক প্ৰতি মাহে ২১০০ টকা আৰু কৃষকসকলৰ বাবে ২৫ লাখ চাকৰি তথা ভৱন্তৰ যোজনাৰো প্ৰতিশ্ৰুতি দিছে।
ইস্তাহাৰ খন মুকলি কৰি বিজেপিয়ে কৃষকৰ ঋণ ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে। ইয়াৰ লগতে কৃষকসকলৰ বাবে ভৱন্তৰ যোজনা ৰূপায়ণ কৰাৰ কথাও ঘোষণা কৰা হৈছে।এই ইস্তাহৰত মহাৰাষ্ট্ৰত ২৫ লাখ নতুন চাকৰিৰ প্ৰতিশ্ৰুতি দিছে।ৰাজ্যখনত দক্ষতা কেন্দ্ৰ খোলাৰ কথাও ঘোষণা কৰা হৈছে।বিজেপিয়ে বৃদ্ধ বয়সৰ লোকসলক পেঞ্চন হিচাপে প্ৰতি মাহে ২১০০ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছে।
অনুষ্ঠানটোত গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ ভাষণত কয় যে “ইস্তাহাৰ পত্ৰখন আশা-আকাংক্ষাৰ প্ৰতিফলন”। তেওঁ বিৰোধী মিত্ৰজোঁট মহা বিকাশ অঘাদিক তীব্ৰভাৱে লক্ষ্য কৰিছে।অমিত শ্বাহে কয় যে “মই উদ্ধৱ ঠাকৰেক সুধিব বিচাৰো যে তেওঁ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক বীৰ সাভাৰকাৰৰ বাবে দুটা ভাল কথা ক’বলৈ ক’ব পাৰে নেকি”।
তেওঁ লগতে কয় যে “”কোনেও বিশ্বাস কৰা নাছিল যে অনুচ্ছেদ ৩৭০ বাতিল কৰা হ’ব।কিন্তু আজি এন ডি এ চৰকাৰে অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ কাম কৰিছে।৭ কোটি দৰিদ্ৰ লোকক ঘৰ, বিদ্যুৎ, গেছ, শৌচালয়, খোৱা পানী, বিনামূলীয়া খাদ্যশস্য আৰু বিনামূলীয়া চিকিৎসা প্ৰদান কৰিছো”।
দৰাচলতে ২৮৮ জনীয়া মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচন ২০ নৱেম্বৰত অনুষ্ঠিত হ’ব আৰু ফলাফল ২৩ নৱেম্বৰত ঘোষণা কৰা হ’ব। যাৰ বাবে এতিয়া মহাৰাষ্ট্ৰত তুংগত আছে নিৰ্বাচনী প্ৰচাৰ।