মহাৰাষ্ট্ৰৰ ২৮৮ খন আসনৰ বাবে বুধবাৰে দ্বিতীয় পৰ্যায়ৰ বিধানসভাৰ ভোটগ্ৰহণ ইতিমধ্যে শেষ হৈছে আৰু ইয়াৰ ফলাফল ২৩ নৱেম্বৰত ঘোষণা কৰা হ’ব।
নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মহাযুতি মিত্ৰজোঁট আৰু বিৰোধী মহা বিকাশ আঘাদী (এমভিএ)ৰ মাজত এক কঠোৰ প্ৰতিদ্বন্দিতা দেখা গৈছে। মহাযুতিয়ে চৰকাৰ গঠন কৰা যেন লাগিলেও কিন্তু ২৩ নৱেম্বৰৰ দিনা হে ফলাফল পোৱা যাব।
ভোটগ্ৰহণৰ পিছতেই বহুতেই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটটোৱে ১২৮ ৰ পৰা ১৪২ খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে। এমভিএয়ে ১২৫ ৰ পৰা ১৪০ খন আসন জিকিব বুলি ভৱিষ্যতবাণী কৰা হৈছে। একে সময়তে, আনৰ হিচাপত ১৮ ৰ পৰা ২৩ খন আসন দেখা গৈছে।
আনহাতে আন একাংশই আকৌ মহাৰাষ্ট্ৰত, বিজেপি মিত্ৰজোঁটে ১৩৮-১৪১ খন আসন লাভ কৰিব বুলি আশা কৰা হৈছে, যি সংখ্যাগৰিষ্ঠ সংখ্যাতকৈ কম।
মহাৰাষ্ট্ৰত বিজেপিয়ে ১৪৯ খন আসনৰ বাবে, একনাথৰ শিৱসেনাই ৮১ খন আসনৰ বাবে আৰু অজিত পাৱাৰ নেতৃত্বাধীন এনচিপিয়ে ৫৯ খন আসনৰ বাবে প্ৰাৰ্থী প্ৰদান কৰিছিল।
বিৰোধী মিত্ৰজোঁটত কংগ্ৰেছে ১০১ জন, শিৱসেনাই (ইউবিটি) ৯৫ জন আৰু এনচিপিয়ে (এছপি) ৮৬ জন প্ৰাৰ্থী প্ৰদান কৰে। ২৮৮ খন বিধানসভা আসনৰ ভোটগ্ৰহণ বুধবাৰে পুৱা ৭ বজাত আৰম্ভ হৈ সন্ধিয়া ৬ বজাত সমাপ্ত হৈছিল। ভোটগণনা ২৩ নৱেম্বৰত হ’ব। ৯.৭ কোটিতকৈও অধিক ভোটাৰে ৪১৩৬ জন প্ৰাৰ্থীৰ পৰা ভাগ্যৰ বাছনি কৰিব।