মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ লৈ শীঘ্ৰে আহিব কঠোৰ নিয়ম।কি কি আছে এই নিয়মত-
‘হোষ্টেলত প্ৰাক্তন আৱাসীৰ আড্ডা বন্ধ হ’ব লাগিব’
‘হোষ্টেলত কোনো অনুষ্ঠানৰ বাহিৰে প্ৰাক্তন আহিব নোৱাৰিব’
বিশ্ববিদ্যালয়ৰ হোষ্টেলত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অহা-যোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, বিশ্ববিদ্যালয়ত সঘনাই প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ আহ-যহ বন্ধ কৰিব লাগে।হোষ্টেলত আড্ডা দিয়া আদি বন্ধ কৰিব লাগে।অনুষ্ঠান নাথাকিলে পৰাপক্ষত হোষ্টেললৈ প্ৰাক্তন আৱাসী নহাৰ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ।
গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত হোৱা সংঘাতকলৈ মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ পাছতেই বিশ্ববিদ্যালয়খনৰ দুই হোষ্টেলৰ আৱাসীৰ মাজত সংঘটিত হৈছিল মাৰপিটৰ ঘটনা।‘শৃংখলতাবিহীনতাৰ বাবে কিমান ঘটনা হ’ব পাৰে সেয়া আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত দেখিছো বিশ্ববিদ্যালয়ৰ এটা ডাঙৰ সমস্যা হ’ল বিশ্ববিদ্যালয় পাছ কৰি অহা ছাত্ৰ-ছাত্ৰীৰ নিশা হোষ্টেললৈ অহা।কোনো কাৰণতে বিশ্ববিদ্যালয়ৰ প্ৰাক্তন আৱাসীসকল বিশ্ববিদ্যালয়ৰ হোষ্টেলত যাব নোৱাৰে।‘
ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,’ হোষ্টেলত পঢ়াৰ পৰিৱেশ থাকিব লাগিব। কোনো কাৰণতে পঢ়াৰ পৰিৱেশ বিনষ্ট হ’ব নোৱাৰিব। প্ৰতিগৰাকী শিক্ষাৰ্থীৰ পিতৃ-মাতৃৰ সপোন আৰু কষ্ট তথা ত্যাগক সন্মান জনাই চৰকৰে লয় এই কঠোৰ সিদ্ধান্ত ।’শিক্ষাৰ্থীৰ সুৰক্ষিত ভৱিষ্যৎ নিশ্চিত কৰাটো আমাৰ প্ৰথম আৰু প্ৰধান দায়িত্ব’