মৃদুল ইছলামৰ ঘটনাৰ পিছতে মহানগৰীত জাৰি কৰা হৈছে ১৬৩ ধাৰা । এই ধাৰা জাৰি থকালকৈ মহানগৰীত কঠোৰ হ’ব আৰক্ষী । মহানগৰীৰ কোনো এটা স্থানতে একত্ৰিত হ’ব নোৱাৰিব ৫জনকৈ অধিক লোক । প্ৰতিবাদ , ধৰ্ণা , শ্লোগান দিয়া লোকৰ বিৰুদ্ধে কঠোৰ হ’ব আৰক্ষী ।
উল্লেখ্য যে, মৃদুল ইছলামৰ ঘটনাৰ পিছতে গুৱাহাটীত বৃহৎ প্ৰতিবাদৰ আশংকা কৰা হৈছে । ইয়াৰ মাজতে কঠোৰ হৈছে মহানগৰ আৰক্ষী । বুধবাৰৰ প্ৰতিবাদৰ পিছতেই কঠোৰ হৈছে মহানগৰ আৰক্ষী । ইয়াৰ পিছতে মহানগৰীত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি কৰা হৈছে । এই ধাৰা কাৰ্যকৰী হোৱাৰ বাবে মহানগৰীৰ কোনো এটা স্থানতে একত্ৰিত হ’ব নোৱাৰিব ৫জনকৈ অধিক লোক । প্ৰতিবাদ, ধৰ্ণা, শ্লোগান দিয়া লোকৰ বিৰুদ্ধে কঠোৰ হ’ব আৰক্ষী । আনহাতে দিছপুৰ ৰাজধানী চৌহদৰ ১ কিঃ মিঃ ব্যাসাৰ্ধাত কৰিব নোৱাৰিব প্ৰতিবাদ । ৰাজধানীৰ প্ৰান্তে প্ৰান্তে তীক্ষ্ণ নজৰ ৰাখিছে আৰক্ষীয়ে । ১৯ ডিচেম্বৰ, ২০২৪ৰ পৰা বলবৎ হৈছে এই নিৰ্দেশনা ।