মহানগৰত বাস কৰা প্ৰতিগৰাকীৰ লোকৰ বাবে ডাঙৰ খবৰ । শীঘ্ৰেই মহানগৰৰ বাসিন্দাই নিজৰ ঘৰত লগাব লাগিব স্মাৰ্ট নম্বৰপ্লেট। গুৱাহাটী পৌৰনিগমে দিব এই স্মাৰ্ট নম্বৰ। পুৰণি নম্বৰ খুলি লগোৱা হ’ব স্মাৰ্ট নম্বৰ । নতুন নম্বৰ প্লেট লগাইছে নে নাই তাক চাবৰ বাবে ঘৰে ঘৰে পৌৰনিগমে চলাব অভিযান। DOOR TO DOOR GIS ছাৰ্ভে চলিব। এই অভিযানৰ বাবে ঘৰৰ গৰাকীয়ে লগত ৰাখিব লাগিব বহু নথি-পত্ৰ । সেই নথি-পত্ৰ সমূহ হৈছে ঘৰৰ গৰাকীৰ পৰিচয়-পত্ৰ, সম্পত্তি কৰ আদায় দিয়া ৰছিদ, বিদ্যুৎ, পানী, গেছ সংযোগৰ নথি-পত্ৰ, ঘৰ নিৰ্মাণৰ পাৰ্মিশ্বন, বাণিজ্যিক অনুজ্ঞাপত্ৰ। এইসমূহ নথি-পত্ৰ থাকিলেহে লাভ কৰিব স্মাৰ্ট ঘৰৰ নম্বৰ। জানিব পৰা মতে প্ৰতিটো ঘৰ, অট্টালিকা, দোকান, ফেক্টৰী আদিত লগোৱা হ’ব এই নম্বৰ। ঘৰে ঘৰে লগাব লাগিব স্মাৰ্ট হাউছ নম্বৰ প্লেট। ইয়াৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। এই হেল্পলাইন নম্বৰ হৈছে 8811007000। গুৱাহাটী পৌৰনিগমৰ তৰফৰ দিয়া হৈছে এই জাননী।