আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বাটছ উইলম’ৰে ন মাহৰ দীঘলীয়া মহাকাশ অভিযানৰ অন্তত ২০২৫ চনৰ ১৯ মাৰ্চত পৃথিৱীলৈ নিৰাপদে উভতি আহে ।
সুনীতা উইলিয়ামছে তেওঁৰ সহকৰ্মী বেৰী ‘বাটছ’ উইলম’ৰ আৰু নিক হেগৰ সৈতে ২০২৫ চনৰ ১ এপ্ৰিলত নিশা ১২:০০ বজাত (৩১ মাৰ্চৰ দুপৰীয়া ২:৩০ বজাত) এখন সংবাদমেলত তেওঁৰ মহাকাশ অভিযানৰ অভিজ্ঞতা ভাগ বতৰা কৰিব । ২০২৪ চনৰ জুন মাহত সুনীতা উইলিয়ামছ আৰু বাটছ উইলমৰে এসপ্তাহজোৰা অভিযানৰ বাবে গৈছিল যদিও বয়িং ষ্টাৰলাইনাৰ মহাকাশযানখনৰ কাৰিকৰী দোষৰ বাবে তেওঁলোক তাতেই আবদ্ধ হৈ পৰিছিল আৰু তেওঁলোকৰ অভিযান ৯ মাহলৈ বৃদ্ধি কৰা হৈছিল । শেহতীয়াকৈ ২০২৫ চনৰ ১৯ মাৰ্চত তেওঁলোক পৃথিৱীলৈ উভতি আহে ।
মিছনৰ মূল তথ্য-
নাছাৰ তথ্য অনুসৰি উইলিয়ামছ আৰু উইলমৰে এই অভিযানৰ সময়ত ১২১,৩৪৭,৪৯১ মাইল যাত্ৰা কৰি ২৮৬ দিন মহাকাশত কটায় আৰু পৃথিৱীৰ চাৰিওফালে ৪,৫৭৬টা কক্ষপথ সম্পূৰ্ণ কৰে । হেগ আৰু গৰ্বুনভে এই অভিযানৰ সময়ত ৭২,৫৫৩,৯২০ মাইল যাত্ৰা কৰি ১৭১ দিন মহাকাশত কটায় আৰু পৃথিৱীৰ চাৰিওফালে ২,৭৩৬টা কক্ষপথ সম্পূৰ্ণ কৰে ।
আই এছ এছত দীৰ্ঘদিনীয়া সময়ছোৱাত হেগ, উইলিয়ামছ আৰু উইলমৰে ৯০০ ঘণ্টাৰো অধিক সময় গৱেষণা কৰি ১৫০টাতকৈও অধিক বিভিন্ন পৰীক্ষা চলাইছিল । তেওঁলোকে উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ অনুসন্ধান কৰিছিল, পৃথিৱীত ৰোগীৰ যত্ন উন্নত কৰাৰ বাবে ষ্টেম চেল প্ৰযুক্তিৰ সম্ভাৱনাৰ সন্ধান কৰিছিল আৰু মহাকাশে বায়ুমণ্ডলীয় পদাৰ্থৰ অৱক্ষয়ত কেনে প্ৰভাৱ পেলায় তাৰ অধ্যয়নত অৰিহণা যোগাইছিল ।
আই এছ এছত ৯০০ ঘণ্টাৰ গৱেষণামূলক কাম-
অভিযানৰ সময়ছোৱাত ৯০০ ঘণ্টাৰো অধিক বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰা হৈছিল ।
উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ ওপৰত গৱেষণা কৰা হৈছিল ।
নাছাৰ লাইভ কভাৰেজ-
নাছা আৰু অন্যান্য প্লেটফৰ্ম যেনে ৰ’কু, হুলু, ডাইৰেক্টটিভি, ইউটিউব, ফেচবুক আৰু টুইচত এই সন্মিলন লাইভ চাব পাৰিব । এই সন্মিলনত উইলিয়ামছ আৰু উইলমৰে তেওঁলোকৰ দীৰ্ঘ ভ্ৰমণ অভিজ্ঞতা, বৈজ্ঞানিক পৰীক্ষা আৰু প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰিব । অৱশ্যে নিজৰ সময়সূচীৰ বাবে গৰ্বুনভ উপস্থিত নাথাকিব ।