নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা প্ৰেৰণ কৰে দীপাৱলীৰ শুভেচ্ছা । সোমবাৰে সন্ধিয়া হোৱাইট হাউছত এক দীপাৱলীৰ অনুষ্ঠান আয়োজন কৰা হয় । এই সময়চোৱাত মহাকাশৰ পৰা এটা ভিডিঅ’ৰ জৰিয়তে সুনীতা উইলিয়ামছে আমেৰিকাৰ লগতে সমগ্ৰ বিশ্বৰ জনসাধাৰণক দীপাৱলীৰ শুভেচ্ছা জনায় । তেওঁ বাৰ্তাটোত কয়, ‘আই এছ এছ (ISS)ৰ পৰা সকলোকে শুভেচ্ছা জনাইছো ।‘
ভাৰতীয় মূলৰ মহাকাশচাৰীগৰাকীয়ে কয়, ‘আজি দীপাৱলী উদযাপন কৰা হোয়াইট হাউছ আৰু সকলোকে দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনালোঁ । এইবাৰ পৃথিৱীৰ পৰা ২৬০ মাইল ওপৰত আই এছ এছত দীপাৱলী উদযাপনৰ অনন্য সুযোগ পাইছো ।‘

সুনীতাই আৰু কয় ‘মোৰ দেউতাই আমাক সদায় দীপাৱলী আৰু আন সকলো ভাৰতীয় উৎসৱৰ বিষয়ে শিকাইছিল আৰু আমাৰ সাংস্কৃতিক শিপাৰ সৈতে আমাক সংযুক্ত কৰি ৰাখিছিল । দীপাৱলী সুখৰ মুহূৰ্ত, কাৰণ পৃথিৱীত মংগলময়তা বিৰাজ কৰে । আমাৰ সম্প্ৰদায়ৰ সৈতে দীপাৱলী উদযাপন কৰাৰ বাবে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিলৈ ধন্যবাদ ।‘
উল্লেখ্য যে, ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে জুন মাহৰ পৰা তেওঁৰ সংগী বুশ্ব উইলম’ৰৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত আছে । তথ্য অনুসৰি দুয়োজন মহাকাশচাৰীয়ে ৫ জুনত বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানৰ জৰিয়তে উৰা মাৰিছিল আৰু ৬ জুনত (আই এছ এছ)ত উপনীত হৈছিল ।
কিছু কাৰিকৰী ত্ৰুটিৰ বাবে ক্ৰু অবিহনে ষ্টাৰলাইনাৰক পৃথিৱীলৈ ঘূৰাই অনাৰ সিদ্ধান্ত লোৱা হয় । ইয়াৰ পিছত ৬ ছেপ্টেম্বৰত এই বয়িং মহাকাশযানখন সফলতাৰে পৃথিৱীলৈ উভতি আহিছিল ।
আগষ্টত নাছাই কৈছিল যে উইলমোৰ আৰু উইলিয়ামছক পৃথিৱীলৈ ঘূৰাই অনাটো যথেষ্ট বিপদজনক । যাত্ৰী দুজন এসপ্তাহৰ বাবে মহাকাশত থকাৰ কথা আছিল, কিন্তু এতিয়া পৰিস্থিতিৰ বাবে অহা বছৰৰ ফেব্ৰুৱাৰীত উভতি আহিব বুলি আশা কৰা হৈছে ।