যোৱা ছমাহ ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ আছে নাছাৰ বিখ্যাত মহাকাশচাৰী সুনীতা উইলিয়ামছ । জুন মাহতে ১০ দিনীয়া মহাকাশ যাত্ৰাৰ অন্তত তেওঁ উভতি আহিব লাগিছিল যদিও তেওঁৰ মহাকাশযানৰ বিজুতিৰ বাবে অৱতৰণ পিছুৱাই দিব লগা হৈছিল । ইফালে কিছুদিন পূৰ্বে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা সুনীতা উইলিয়ামছৰ এখন ছবি আহিছে, য’ত তেওঁক অতি ক্ষীণ যেন লাগিছিল । কিন্তু, এতিয়া নাছাই তেওঁৰ আন এখন নতুন ছবি প্ৰকাশ কৰিছে, যিয়ে তেওঁৰ স্বাস্থ্যৰ জল্পনা-কল্পনাক শান্ত কৰিছে ।
ছবিখনত সুনীতাক পৃথিৱীলৈ চাই থকা দেখা গৈছে-
নতুন ছবিখনত সুনীতা উইলিয়ামছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ খিৰিকীৰে পৃথিৱীলৈ চাই থকা দেখা গৈছে । শেহতীয়াকৈ সুনীতা উইলিয়ামছে কিবো লেবৰেটৰী মডিউলত এষ্ট্ৰ’বি ৰবটিক ফ্ৰী-ফ্লাইয়াৰ পৰীক্ষা কৰিছে । ইয়াৰ সময়ত তেওঁলোকে গেকোৰ দৰে আঠাযুক্ত পেডৰে সজ্জিত টেণ্টেকেলৰ দৰে ৰবটিক হাত স্থাপন কৰিছিল । এই স্থাপনৰ উদ্দেশ্য হৈছে উপগ্ৰহ ধৰা প্ৰযুক্তি প্ৰদৰ্শন কৰা, যিটো ভৱিষ্যতৰ মহাকাশ অভিযানৰ বাবে এক গুৰুত্বপূৰ্ণ অগ্ৰগতি ।
অবিৰতভাৱে কাম কৰি আছে সুনীতা উইলিয়ামছে-
অভিযন্তাসকলে মহাকাশৰ বস্তুবোৰ কেনেকৈ চাৰ্ভিচিং বা আঁতৰোৱাৰ বাবে ধৰিব পাৰি সেই বিষয়ে অধ্যয়ন কৰি আছে । ঘনক আকৃতিৰ আৰু টোষ্টাৰ আকাৰৰ এষ্ট্ৰ’বি ৰবটবোৰ দূৰৈৰ পৰাই পৃথিৱীৰ অভিযন্তাসকলে নিয়ন্ত্ৰণ কৰে । ইয়াৰ দ্বাৰা সুনীতা উইলিয়ামছে স্থাপন কৰা ৰবটিক হাতৰ সহায়ত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ বা অন্যান্য উপগ্ৰহৰ সৈতে অন্যান্য যন্ত্ৰ সংযোগ বা মহাকাশত মুক্তভাৱে উৰি থকা বস্তু ধৰিব পৰা যায় ।