নিউজীলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ জয় কৰিবলৈ সক্ষম হৈছে ভাৰত । ৭৬ ৰানৰ ৰাজকীয় ইনিংছ খেলা অধিনায়ক ৰোহিত শৰ্মাক ‘মেন অৱ দ্য মেচ’ হিচাপে নিৰ্বাচিত কৰা হয় । কুলদীপ যাদৱ আৰু বৰুণ চক্ৰৱৰ্তীয়ে শক্তিশালী বলিং কৰে । কঠিন সময়ত দলটোক জয়ৰ দিশে আগুৱাই লৈ যায় কে এল ৰাহুলে । এই জয়েৰে ভাৰত তিনিবাৰকৈ চেম্পিয়নছ ট্ৰফী জয় কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে । ইয়াৰ পূৰ্বে ২০০২ আৰু ২০১৩ চনত ভাৰতে এই ট্ৰফী লাভ কৰিছিল ।
ছামীৰ মাতৃৰ চৰণ স্পৰ্শ কৰিলে কোহলীয়ে-
এই ঐতিহাসিক জয়ৰ পিছত টিম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । এই ভিডিঅ’টোত কোহলীয়ে মহম্মদ ছামীৰ মাতৃক চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লোৱা দেখা গৈছে । এই ভিডিঅ’টোত মহম্মদ ছামীয়ে মাতৃক লৈ বিৰাট কোহলীক লগ কৰিবলৈ যোৱা দেখা গৈছে । ছামীৰ মাতৃক দেখি কোহলী অত্যন্ত সুখী আৰু অলপ আৱেগিক হৈ পৰিল । তেওঁ ছামীৰ মাতৃৰ ভৰি চুই তেওঁৰ আশীৰ্বাদ লয় আৰু তাৰ পিছত দুয়োজনে ইজনে সিজনক আঁকোৱালি লয় ।
চেম্পিয়নছ ট্ৰফী ২০২৫ত বিৰাট কোহলীয়ে শক্তিশালী প্ৰদৰ্শন কৰিছিল । অৱশ্যে অন্তিম মেচখনত তেওঁ ৰান সংগ্ৰহত ব্যৰ্থ হয় আৰু মাত্ৰ ১ ৰান কৰি আউট হয় । পাকিস্তানৰ বিৰুদ্ধে খেলখনত তেওঁ শতক অৰ্জন কৰে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেলতো অৰ্ধশতক অৰ্জন কৰে বিৰাটে । এই প্ৰতিযোগিতাত ৫খন মেচত বিৰাটে গড়ে ৫৪ ৰান কৰি ২১৮ ৰান সংগ্ৰহ কৰে । সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ তালিকাত তেওঁ ৫ম স্থানত থাকে ।
ইফালে চেম্পিয়নছ ট্ৰফী ২০২৫ত ভাৰতৰ বাবে মহম্মদ ছামী অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হয় । টিম ইণ্ডিয়াৰ হৈ ৫ খন মেচত তেওঁ ৯ টা উইকেট দখল কৰে । ছামীয়ে মুঠ ৪১ অভাৰ বলিং কৰে । এই সময়ছোৱাত ২৩৩ ৰান দিয়ে তেওঁ । ভাৰতৰ হৈ সৰ্বাধিক উইকেট লোৱাৰ ক্ষেত্ৰত ছামীয যৌথভাৱে প্ৰথম স্থানত থাকে । বৰুণ চক্ৰৱৰ্তীয়ে ৩খন মেচত ৯টা উইকেট দখল কৰে ।