অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ কেলগ কলেজত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দিয়া ভাষণৰ সময়ত ব্যাপক হুলস্থুলৰ সৃষ্টি হয়।
ভাৰতীয় ছাত্ৰ ফেডাৰেচনৰ ছাত্ৰ নেতাসকলে ‘গ’ বেক’ শ্লোগান দি আৰ.জি. চিকিৎসা মহাবিদ্যালয়ৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত মুখ্যমন্ত্ৰী গৰাকীক প্ৰশ্ন কৰে।
ছাত্ৰ-ছাত্ৰীসকলে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত মমতা বেনাৰ্জীয়ে কয়, ‘এই বিষয়টো আদালতত আছে, এই গোচৰ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আছে।ইয়াত ৰাজনীতি নকৰিব, এই মঞ্চ ৰাজনীতিৰ বাবে নহয়।
ইফালে মমতা বেনাৰ্জীয়ে ৰাইজক এখন ফটো দেখুৱাই ক’লে যে মোৰ এই ছবিখন আপোনালোকে চাওক, কেনেকৈ মোক হত্যা কৰাৰ চেষ্টা কৰা হৈছিল।

লগতে, মমতা বেনাৰ্জীয়ে যেতিয়া দাবী কৰিছিল যে কোটি কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ বংগলৈ আহিছে, তেতিয়া এজন দৰ্শকে তেওঁক কিছুমান বিশেষ বিনিয়োগৰ নাম ক’বলৈ ক’লে।
এই কথাত মমতাই উত্তৰ দিলে, ‘বহুত আছে…’। মুখ্যমন্ত্ৰী গৰাকীয়ে বিশদভাৱে কোৱাৰ পূৰ্বেই আন এজনে তেওঁক মুখ বন্ধ কৰিবলৈ ক’লে, এইটো কোনো সংবাদমেল নহয় যুক্তি দিয়বলৈ।
মমতা বেনাৰ্জীয়ে কয় যে তেওঁক নিজৰ দৃষ্টিভংগী দাঙি ধৰিবলৈ সুযোগ দিয়া উচিত।তেওঁ কয় যে, ‘প্লিজ মোক কথা ক’বলৈ দিয়ক। আপোনালোকে মোক অপমান কৰা নাই, আপোনাৰ প্ৰতিষ্ঠানটোকহে অপমান কৰিছে।
মই য’তেই যাওঁ এই মানুহবোৰে তাতেই এই কামটো কৰে। মই প্ৰতিটো ধৰ্মক সমৰ্থন কৰো। হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান সকলোকে মই সন্মান কৰো।
কেৱল এটা জাতিৰ নাম নল’ব, সকলোৰে নাম কওক। তোমালোক সকলোৱে যি কৰি আছা সেয়া ঠিক নহয়। মোৰ অতি বাওঁপন্থী আৰু সাম্প্ৰদায়িক বন্ধুসকল, এই ৰাজনীতি নকৰিবা।
একাংশ দৰ্শকে ‘গ বেক’ বুলি শ্লোগান দিয়াৰ সময়ত মমতা বেনাৰ্জীয়ে আত্মবিশ্বাসেৰে ক’লে- ‘দিদিয়ে একো গুৰুত্ব নিদিয়ে। দিদি বছৰত দুবাৰ আহিব আৰু ৰয়েল বেংগল টাইগাৰৰ দৰে যুঁজ দিব।
ইয়াৰ বাহিৰেও তেওঁ কয়, ‘যদি আপোনালোকে কয় তেতিয়া হ’লে মই আপোনালোকৰ বাবে কাপোৰ ধুই দিম, খাদ্য ৰান্ধি দিম।
কিন্তু কোনোবাই যদি মোক মূৰ দোৱাবলৈ চেষ্টা কৰে বা জোৰ-জবৰদস্তি কৰে তেন্তে মই মূৰ দোৱাবলৈ নাযাওঁ। মই কেৱল জনসাধাৰণৰ আগত হে মূৰ তল কৰিম।
এই প্ৰতিবাদৰ দায়িত্ব SFI-UK (Students Federation of India – UK) য়ে গ্ৰহণ কৰিছে।সংস্থাটোৱে নিজৰ ফেচবুক পেজত এটা পোষ্টত লিখিছে, ‘আমি মমতা বেনাৰ্জী আৰু দুৰ্নীতিগ্ৰস্ত টিএমচিৰ বিৰুদ্ধে পশ্চিম বংগৰ ছাত্ৰ-ছাত্ৰী আৰু শ্ৰমিক শ্ৰেণীৰ সমৰ্থনত থিয় দিছো,অগণতান্ত্ৰিক শাসনৰ বিৰুদ্ধে আমাৰ মাত উঠা।